১৩৯ বছৰীয়া প্ৰকাণ্ড অট্টালিকা দাঙি লৈ গ’ল আন ঠাইলৈ! স্থানান্তৰকৰণৰ খৰচ হল ২.৯ কোটি

১৩৯ বছৰীয়া প্ৰকাণ্ড অট্টালিকা দাঙি লৈ গ’ল আন ঠাইলৈ! স্থানান্তৰকৰণৰ খৰচ হল ২.৯ কোটি

February 22, 2021 0 By NEWS DESK

নিউজ ডেস্ক। বৰ্তমান প্ৰযুক্তিৰ উন্নতিয়ে যেন অসাধ্যয়ো সাধন কৰিছে। প্ৰযুক্তিৰ সহায়ত যেন কৰিব নোৱাৰা কাম একোৱেই নাই। এইবাৰ তাকেই প্ৰমাণ কৰিলে চান ফ্ৰান্সিছক’ৰ এক দৃশ্যই।

দৃশ্যটোত দেখা অনুসৰি এটা অট্টালিকা বিশেষ প্ৰযুক্তিৰ সহায়ত ডাঙি লৈ যোৱা হ’ল অন্য ঠাইলৈ। এই কথা এতিয়া বিয়পি পৰিছে সৰ্বত্ৰে।

১৩৯ বছৰ পূৰ্বে নিৰ্মিত ভিক্টোৰিয়া আৰ্হিৰ ঘৰটোত আছে ৬ টাকৈ শোৱনি কোঠা। ঘৰটোৰ ঠিকনা আছিল ৮০৭ ফ্ৰেংকলিন পথ আৰু এই ঘৰটোৰ বৰ্তমানৰ ঠিকনা হল ৬৩৫ ফুলটন পথ।

দেওবাৰে স্থানান্তৰ কৰা ঘৰটো দেখাত সেউজীয়া ৰঙৰ হোৱাৰ লগতে সন্মুখ ভাগত আছে প্ৰকাণ্ড খিৰীকী। ঘৰটো অতি সাৱধানতাৰে লৈ যোৱা হৈছে ঘন্টাত ১ কিমি গতিবেগত। ঘৰটোৰ স্থানান্তৰ খৰচ হৈছে ২.৯ কোটি টকা।

ঘৰটোৰ স্থানান্তৰকৰণ কৰ্তৃপক্ষ ফিল জয়ে জানিবলৈ দি কয় যে, প্ৰায় ১৫ খন চহৰৰ সংশ্লিষ্ট সংস্থাৰ পৰা অনুমতি লাভ কৰাৰ পিছতহে চূড়ান্ত স্থানান্তৰকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰা হয়। তেওঁ লগতে কয় যে ই যথেষ্ট প্ৰত্যাহ্বানজনক আছিল। যিহেতু এঢলীয়া ঠাইৰে ঘৰটো নিব লগা হৈছিল। কিন্তু সকলো প্ৰত্যাহ্বান অতিক্ৰম কৰি সফলতাৰে স্থানান্তৰ কৰা হল ঘৰটো।

লগতে চাওকঃ

বন্ধুৰ লগত চিলা উৰুৱাই থকা অৱস্থাত অঘটন! ছাদৰ পৰা পৰি শিশুৰ কৰুণ মৃত্যু

উৰণৰ পাছতে বিকল হ’ল বিমানৰ ইঞ্জিন, লাগিল জুই! ভিডিঅ’ ভাইৰেল

প্ৰথমবাৰৰ বাবে মানৱ দেহত বাৰ্ড ফ্লু’ৰ সংক্ৰমণ! ৭ জনৰ দেহত ধৰা পৰিছে এই ভাইৰাছ

ম’বাইলত লাইভ কৰি থাকোতে ঘটিল অঘটন! দুজনৰ সলিল সমাধি