fbpx
ৰাষ্ট্ৰীয়অসমীয়া

১২ মে’ত আছিল পিংকীৰ বিয়া! বিয়াৰ বজাৰ কৰি ঘৰলৈ উভতাৰ পথতে পৰিয়ালৰ আন ৪ সদস্যসহ হেৰুৱালে প্ৰাণ

নিউজ ডেস্কঃ ১২ মে’ত বিয়া। ইতিমধ্যে ঘৰত চলিছিল বিয়াৰ প্ৰস্তুতি।

বিয়াৰ পূৰ্বে নিজৰ পচন্দৰ বস্তু কেইপদমান কিনিবলৈ মিৰাটলৈ গৈছিল কইনা পিংকী। লগত আছিল খুড়াক, খুড়ীয়েক আৰু তেওঁলোকৰ দুই সন্তান।

শনিবাৰে বজাৰ কৰি নিশাই তেওঁলোকে উভতিছিল ঘৰলৈ। আহি থকাৰ সময়ত ঘৰলৈ মেছেজ কৰিছিল পিংকীয়ে। লিখিছিল- সোনকালে গৈ পাম।

কিন্তু সেয়াই আছিল পিংকীৰ শেষ মেছেজ! তাৰ কিছু সময় পিছতে সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় পিংকীসহ পৰিয়ালৰ ৫ জনকৈ সদস্যই।

1 4

এই শোকাবহ দুৰ্ঘটনা দেওবাৰে সংঘটিত হয় হৃষীকেশ-বদ্ৰীনাথ ৰাষ্ট্ৰীয় ঘাইপথৰ টোটা উপত্যকাত।

জানিব পৰা মতে, চামোলীৰ থাৰালীৰ ভাল মাণ্ডোলীৰ নিৱাসী ত্ৰিলোক সিং ৰাণাৰ কন্যা পিংকীৰ বিবাহৰ দিন ধাৰ্য্য কৰা হৈছিল ২১ মে’ত। ঘৰত ইতিমধ্যে প্ৰায় সম্পন্ন হৈছিল বিয়াৰ জা-যোগাৰ।

কইনাৰ লাগতীয়াল দুই-এপদ সম্পদ নিজেই ক্ৰয় কৰাৰ দায়িত্ব লৈছিল পিংকীয়ে।

সেই অনুসৰি শনিবাৰে পিংকীয়ে খুড়াক প্ৰতাপ সিং, খুৰীয়েক ভাগীৰথী দেৱী আৰু তেওঁলোকৰ পুত্ৰ বিজয় আৰু কন্যা মঞ্জুৰ সৈতে বজাৰ কৰি মিৰাটৰ মুনিকেৰেটিৰ পৰা উভতিছিল ঘৰলৈ। দেওবাৰে পুৱা তেওঁলোক ঘৰ আহি পোৱাৰ কথা আছিল।

2 5

আহি থকাৰ পথতে ঘৰলৈ মেছেজো কৰিছিল পিংকীয়ে। কিন্তু তাৰ কিছু সময় পিছতে হৃষীকেশৰ পৰা ৪০ কিলোমিটাৰ দূৰত বদ্ৰীনাথ ৰাষ্ট্ৰীয় ঘাইপথৰ দেৱপ্ৰয়াগৰ ওচৰত নিয়ন্ত্ৰণ হেৰুৱাই এটা ৩০০ ফুট গভীৰ খাৱৈত বাগৰি পৰে তেওঁলোকৰ বাহনখন।

খাৱৈত পৰাৰ পিছতে তেওঁলোকৰ বাহনখন কেইবাটুকুৰা হৈ পৰে। যাৰ ফলত ভিতৰত বহি থকা আটাইকেইজন সদস্যৰ কৰুণ মৃত্যু ঘটে।

ইফালে দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষী আৰু উদ্ধাৰকাৰীৰ দল উপস্থিত হৈ প্ৰায় ১১ ঘণ্টা ধৰি অভিযান চলাই আটাইকেইজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, দেওবাৰে পুৱা প্ৰায় ৬.৩০ বজাত সংঘটিত হয় এই সকৰুণ দুৰ্ঘটনাটো।

আৰক্ষীয়ে লগতে জানিবলৈ দিয়া মতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত গাড়ীখন চলাই আছিল প্ৰতাপ সিঙে। দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও গাড়ী চলাই থকাৰ সময়তে প্ৰতাপ সিঙে টোপনি যোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।

Related Articles

Leave a Reply

Back to top button