১২৫ কোটিৰ প্ৰৱঞ্চনা! ১৮ কােটি নগদ ধনসহ গ্ৰেপ্তাৰ BSF ৰ ডেপুটি কমাণ্ডেন্টসহ পত্নী, ভগ্নী, ভাতৃ

ৰাষ্ট্ৰীয় নিৰাপত্তা ৰক্ষী (এনএছজি) চৌহদত নিৰ্মাণ কাৰ্যৰ ঠিকা প্ৰদানৰ নামত পাঁচজন ঠিকাদাৰৰ পৰা ১২৫ কোটি টকাৰ প্ৰৱঞ্চনা কৰি জালত পৰিল সপৰিয়াল সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বিএছএফৰ এগৰাকী বিষয়া।

হাৰিয়ানাৰ গুৰুগ্ৰাম আৰক্ষীয়ে এই কেলেংকাৰী পোহৰলৈ অহাৰ পিছতে গ্ৰেপ্তাৰ কৰিছে সীমান্ত সুৰক্ষা বাহিনীৰ (বিএছএফ) ডেপুটি কমাণ্ডেণ্ট প্ৰবীণ যাদৱ, তেওঁৰ পত্নী মমতা যাদৱ, এক্সিছ বেংকৰ মেনেজাৰ হিচাপে কৰ্মৰত ভগ্নী ৰিতুৰাজ যাদৱ আৰু দিনেশ কুমাৰ নামৰ এজন মধ্যস্থতাকাৰীক।

4

আটাইকেইজন অভিযুক্তক পঞ্জাৱৰ জিৰাকপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

আৰক্ষীৰ অপৰাধ শাখাৰ অধীক্ষক প্ৰীতপাল চাংৱানে জানিবলৈ দিয়া মতে অভিযুক্ত বিএছএফ বিষয়া আৰু পৰিয়ালৰ আন সদস্যসকলৰ পৰা ১৮ কোটি টকাৰ নগদ ধন আৰু চাৰিখন বিলাসী বাহন জব্দ কৰা হৈছে।

আনহাতে এই কেলেংকাৰীৰ আন এজন অভিযুক্ত তথা এনএছজিত নিযুক্ত সহকাৰী কমাণ্ডেণ্ট নবীন যাদৱ এতিয়াও পলাতক হৈ আছে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।

উল্লেখ্য যে, বৰ্তমান মানেচাৰত নিযুক্তি লাভ কৰা নবীন যাদৱ হৈছে কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড বিএছএফ জোৱান প্ৰবীণ যাদৱৰ ভাতৃ।

3

আৰক্ষী অধীক্ষক প্ৰীতপাল চাংৱানে প্ৰকাশ কৰা মতে, এই সমগ্ৰ কেলেংকাৰীৰ মূল অভিযুক্ত প্ৰবীণ যাদৱ গুৰুগ্ৰামৰ খেদা খুৰমপুৰৰ বাসিন্দা। আনহাতে আন এজন অভিযুক্ত দীনেশ কুমাৰ হৈছে হিচাৰৰ নিবাসী।

নাৰায়ণ দাস ইশ্ৰানী নামৰ এগৰাকী ঠিকাদাৰে অভিযুক্ত পৰিয়ালটোৰ বিৰুদ্ধে ৮ জানুৱাৰীত মানেচাৰত এখন এজাহাৰ দাখিল কৰিছিল। এই এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত কেইজনক।

নাৰায়ণ দাস ইশ্ৰানীৰ মতে, প্ৰবীণ যাদৱে নিজকে এজন আইপিএছ বিষয়া বুলি অভিহিত কৰি এনএছজি চৌহদত ঠিকা প্ৰদানৰ নামত তেওঁক ৬৪.৪৯ কোটি টকাৰ প্ৰৱঞ্চনা কৰে।

এই প্ৰৱঞ্চনাত প্ৰবীণ যাদৱক সহযোগ কৰিছিল চেক্টৰ ৮১ৰ চেফায়াৰ মলৰ এক্সিছ বেংকৰ শাখা প্ৰৱন্ধক ভগ্নী ৰিতুৰাজ যাদৱ আৰু এনএছজিত সহকাৰী কমাণ্ডেণ্ট ভাতৃ নবীন যাদৱে।

আনহাতে ৯ জানুৱাৰীত দেৱেন্দ্ৰ যাদৱ নামৰ আন এজন ঠিকাদাৰে প্ৰবীণ যাদৱ আৰু পৰিয়ালটোৰ বিৰুদ্ধে ৩৭ কোটি টকাৰ প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন কৰে।

পৰৱৰ্তী অনুসন্ধানত পোহৰলৈ অহা তথ্য অনুসৰি, অভিযুক্ত বিএছএফ জোৱান প্ৰবীণ যাদৱে ঠিকা প্ৰদানৰ নামত প্ৰৱঞ্চনা কৰা এই বৃহৎ পৰিমাণৰ ধন শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিছিল যদিও তীব্ৰ লোকচানৰ সন্মুখীন হয়।

আৰক্ষীয়ে প্ৰবীণ যাদৱক ছয় দিনৰ বাবে আৰু বাকী অভিযুক্তসকলক তিনি দিনৰ বাবে নিজৰ জিম্মাত লৈ তদন্ত অব্যাহত ৰাখিছে।

তদন্ত অনুসৰি, প্ৰবীণে এনএছজিৰ ঠিকনাত এই ভুৱা কোম্পানীটো গঠন কৰিছিল। কিন্তু কোম্পানীটোৰ এনএছজিৰ সৈতে নাছিল কোনো সম্পৰ্ক।

এই ভুৱা কোম্পানীটোৰ পৰিচালক আছিল প্ৰবীনৰ পত্নী মমতা যাদৱ আৰু ভগ্নী ৰিতুৰাজ যাদৱ।

জানিব পৰা মতে, প্ৰবীণ যাদৱক চাৰি বছৰ পূৰ্বে বিএছএফৰ পৰা ডেপুটেশনত এনএছজিত নিযুক্তি দিয়া হৈছিল। পিছত তেওঁক বিএছএফত নিযুক্তি দিয়া হয়। তাৰ পিছত তেওঁ স্বেচ্ছামূলক অৱসৰৰ বাবে আবেদন জনায়। অৱশ্যে, এই আবেদন এতিয়াও গ্ৰহণ কৰা হোৱা নাই।

এনএছজিত নিযুক্তিৰ সময়ত তেওঁ নিৰ্মাণ বিভাগৰ দায়িত্বত আছিল। তেতিয়াৰ পৰাই তেওঁ এনএছজিত নিৰ্মাণ কাৰ্য পোৱাৰ নামত প্ৰতাৰণা কৰি অহা বুলি তদন্তত পোহৰলৈ আহিছে।

Leave a Comment