আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
জানিব পৰা মতে, ১১বজাত অসম পাবহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
কেইবাটাও কাৰ্যসূচীৰ বাবে অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকী।
দিনৰ ১১ বজাত কাৰ্বি আংলং জিলাৰ ডিফুত আয়োজিত শান্তি, একতা আৰু উন্নয়নৰ সমাৱেশত অংশগ্ৰহণ কৰিব মোদীয়।
৫০০ কোটি টকাৰো অধিক ব্যয়সাপেক্ষ শিক্ষাখণ্ডৰ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব মোদীয়ে।
এই প্ৰকল্পসমূহৰ ভিতৰত কেইটামান হ’ল ডিফুৰ প্ৰস্তাৱিত পশু চিকিৎসা মহাবিদ্যালয়, পশ্চিম কাৰ্বি আংলং জিলাত স্থাপন হ’বলগীয়া স্নাতক মহাবিদ্যালয় আৰু কৃষি মহাবিদ্যালয় আদি। অমৃত সৰোবৰ প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব মোদীয়ে।
বিয়লি প্ৰায় ১.৪৫ বজাত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদী।
প্ৰধানমন্ত্ৰী মোদীয়ে নতুনকৈ স্থাপন কৰা ডিব্ৰুগড় কৰ্কট ৰোগ চিকিৎসালয়খন দেশবাসীৰ নামত উছৰ্গা কৰিব।
বিয়লি ৩ বজাত ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত আয়োজিত জনসভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।
অসমৰ বিভিন্ন ঠাইত স্থাপিত আন ছখন কৰ্কট ৰোগ চিকিৎসালয় আনুষ্ঠানিকভাৱে মুকলি কৰাৰ লগতে নতুনকৈ নিৰ্মাণ কৰিবলগীয়া আন ৭ খন কৰ্কট ৰোগ চিকিৎসালয়ৰো আধাৰশিলা স্থাপন কৰিব মোদীয়ে।