পুনৰ ক্ৰিকেট গ্ৰাউণ্ডত দেখা পাব কিংবদন্তি ক্ৰিকেটাৰ তেণ্ডুলকাৰৰ খেল, অহা ১০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব…

নিউজ ডেস্কঃ অহা ১০ ছেপ্টেম্বৰৰ পৰা ১ অক্টোবৰলৈ অনুষ্ঠিত হ’বলগীয়া ৰোড ছেফটি ৱৰ্ল্ড ছিৰিজৰ দ্বিতীয় সংস্কৰণত ডিফেণ্ডিং চেম্পিয়ন ইণ্ডিয়া লিজেণ্ডছৰ নেতৃত্ব দিব কিংবদন্তি ক্ৰিকেটাৰ শচীন টেণ্ডুলকাৰে।

উল্লেখ্য যে, এই প্ৰতিযোগিতাখন অনুষ্ঠিত হব কানপুৰ, ৰায়পুৰ, ইন্দোৰ আৰু ডেৰাডুনত। প্ৰতিযোগিতাৰ আৰম্ভণিৰ খেল কানপুৰত অনুষ্ঠিত হোৱাৰ বিপৰীতে ৰায়পুৰত অনুষ্ঠিত হ’ব ছেমিফাইনেল আৰু ফাইনেল খেল কেইখন।

এইবাৰ এই প্ৰতিযোগিতাত ভাগ লৈছে নিউজিলেণ্ড লিজেণ্ডছেও। পথ সুৰক্ষাৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে মূলতঃ অনুষ্ঠিত হোৱা এই ২২ দিনীয়া প্ৰতিযোগিতাখনত ভাগ ল’ব ভাৰত, অষ্ট্ৰেলিয়া, শ্ৰীলংকা, ৱেষ্ট ইণ্ডিজ, দক্ষিণ আফ্ৰিকা, বাংলাদেশ আৰু ইংলেণ্ডে।

image 7
পুনৰ ক্ৰিকেট গ্ৰাউণ্ডত দেখা পাব কিংবদন্তি ক্ৰিকেটাৰ তেণ্ডুলকাৰৰ খেল, অহা ১০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব... 2

এই সন্দৰ্ভত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কয়, ‘’ক্ৰিকেটৰ জৰিয়তে পথ সুৰক্ষাৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে ৰোড ছেফটি ৱৰ্ল্ড ছিৰিজ এক অতি উত্তম পদক্ষেপ। আমি বিচাৰো যে এই দেশৰ প্ৰতিজন ব্যক্তিয়ে বাটত থকাৰ সময়ত প্ৰতিটো নিয়ম-নীতিৰ প্ৰতি সচেতন হওক আৰু মানি চলক আৰু সেইটো হ’বলৈ হ’লে আমি জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিব লাগিব। মোৰ দৃঢ় বিশ্বাস যে এই ক্ৰিকেট প্ৰতিযোগিতাই মানুহৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ সক্ষম হব।’’

কেন্দ্ৰীয় তথ্য আৰু প্ৰযুক্তি আৰু যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে কয় যে, “মই নিশ্চিত যে ৰোড ছেফটি ৱৰ্ল্ড ছিৰিজে সামাজিক পৰিৱৰ্তনক আগুৱাই লৈ যাব আৰু পথ আৰু পথ সুৰক্ষাৰ ক্ষেত্ৰত মানুহৰ মানসিকতাক প্ৰভাৱিত কৰিবলৈ এক আদৰ্শ মঞ্চ হিচাপে কাম কৰিব।”

ৰ’ড ছেফটি ৱৰ্ল্ড ছিৰিজৰ আগন্তুক ছিজন কালাৰ্ছ চিনেপ্লেক্স, কালাৰ্ছ চিনেপ্লেক্স ছুপাৰহিটছ আৰু নতুনকৈ মুকলি কৰা স্প’ৰ্টছ ১৮ খেলত সম্প্ৰচাৰ কৰাৰ লগতে ই ভ’ট আৰু জিঅ’ত ডিজিটেল ষ্ট্ৰীমিং কৰা হ’ব।

দেশত সামাজিক পৰিৱৰ্তনক আগুৱাই নিয়া আৰু পথ সুৰক্ষাৰ প্ৰতি মানুহৰ দৃষ্টিভংগী সলনি কৰাটোৱেই হৈছে ৰোড ছেফটি ৱৰ্ল্ড ছিৰিজৰ লক্ষ্য। যিহেতু ক্ৰিকেট দেশৰ ভিতৰতে আটাইতকৈ বেছি অনুসৰণ কৰা খেল আৰু ক্ৰিকেটাৰসকলক বহুতে আদৰ্শ হিচাপে গণ্য কৰে, সেয়েহে এই লীগে ৰাজপথত তেওঁলোকৰ আচৰণৰ প্ৰতি মানুহৰ মানসিকতাক প্ৰভাৱিত আৰু সলনি কৰাৰ এক আদৰ্শ মঞ্চ হিচাপে কাম কৰিব বুলি আশা কৰিছে সকলোৱে।