নিউজ ডেস্ক। কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অপৰাধত ১০২ বছৰ বয়সত কাৰাদণ্ড বিহা হ’ল চৰকাৰী বিদ্যালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকক।
২০১৮ চনত সংঘটিত কৰা এই ঘটনাৰ বাবে শেহতীয়াকৈ ১০২ বছৰীয়া বৃদ্ধজনক কাৰাদণ্ড বিহে তামিলনাডুৰ তিৰুবল্লুৰ এখন মহিলা আদালতে।

ঘটনা অনুসৰি, তামিলনাডুৰ এখন চৰকাৰী বিদ্যালয়ৰ পৰা প্ৰধানশিক্ষক ৰূপে অৱসৰ গ্ৰহণ কৰা পৰশুৰামন নামৰ ব্যক্তিজনে চেন্নাৰকুপ্পামত ৫ টা ঘৰ নিৰ্মাণ কৰি ভাড়ালৈ দিছিল।
২০১৮ চনৰ ৬ জুলাইত তেওঁৰ ঘৰতে ভাড়াতীয়া হিচাপে থকা এটি পৰিয়ালৰ এগৰাকী কিশোৰীয়ে পেটৰ বিষত আক্ৰান্ত হোৱাৰ বিষয়ে পিতৃ-মাতৃক জনায়।
পিতৃ-মাতৃয়ে কিশোৰীগৰাকীক পেটৰ বিষ হোৱাৰ কাৰণ সোধাত বৃদ্ধ পৰশুৰামনে তেওঁক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰে। ইয়াৰ পিছতে কিশোৰীগৰাকীৰ অভিভাৱকে তিৰুৱল্লুৰ আৰক্ষী থানাত বৃদ্ধজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

তিৰুবল্লুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লতাই জানিবলৈ দিয়া মতে, অভিভাৱকৰ অভিযোগৰ পিছতে তেওঁ ঘটনাৰ তদন্ত আৰম্ভ কৰে আৰু অৱসৰপ্ৰাপ্ত প্ৰধানশিক্ষক পৰশুৰামনক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।
ইফালে এই ঘটনাৰ প্ৰায় চাৰে তিনি বছৰ পিছত তিৰুবল্লুৰ মহিলা আদালতে শাস্তি বিহে অভিযুক্ত পৰশুৰামনক। আদালতে যৌন নিৰ্যাতনৰ অপৰাধত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকজনক ১৫ বছৰ কাৰাদণ্ডৰ লগতে ৫০০০ টকা জৰিমণা বিহে।
আদালতে ঘোষণা কৰা অনুসৰি, ১০২ বছৰীয়া পৰশুৰামনক ১০ বছৰ সশ্ৰম কাৰাদণ্ড আৰু ৫ বছৰ সাধাৰণ কাৰাদণ্ড বিহা হৈছে। তেওঁক বৰ্তমান চেন্নাইৰ পুঝাল কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে।