১০০ শতাংশ মিছা আৰু অবাস্তৱিক, মোৰ বাসগৃহত চলা নাই ED-ৰ অভিযানঃ বদৰুদ্দিন আজমল…

EDৰ অভিযানক লৈ প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বদৰুদ্দিন আজমলে।

এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলক ইডিয়ে জেৰা কৰা সন্দৰ্ভত বাতৰি প্ৰকাশ পোৱৰা পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আজমলে।

আজমলৰ বাসগৃহত ইডিয়ে অভিযান চলোৱা খবৰ ১০০ শতাংশই মিছা বুলি প্ৰকাশ কৰিছে আজমলে।

এটা ভিডিঅ বাৰ্তা যোগে আজমলে কয়- আজি দিনত সকলো সংবাদ মাধ্যমে কৈ আছে যে, আজমলক ইডিয়ে ৬ ঘন্টা জেৰা কৰিছে। এই কথা সম্পূৰ্ণ মিছা। ইয়াৰ কোনো ভিত্তি নাই। খবৰ প্ৰচাৰ হৈছে যে ৩ দিন ধৰি অভিযান চলি আছে মোৰ বাসগৃহত। কিন্তু এয়া মিছা।’

তেওঁ আৰু কয়- মই ব্যৱসায়ৰ বাবে বেংগালুৰত আছো। আজি পুৱা ১১ বজাত মই আহি পাই আত্মীয় চিকিৎসাধীন হৈ থকা বাবে খবৰ লবলৈ হস্পাতালত গৈছো। তাৰ পাছত অলপ জিৰণি লৈ সদনলৈ গৈছো। এটা সাধাৰণ দিন।’