‘হৰ ঘৰ দস্তক’ অভিযানত নিয়ােজিত শিক্ষয়িত্ৰী কৰবী বৰুৱাৰ দুৰ্ঘটনাত মৃত্যু

নিউজ ডেস্ক। চৰকাৰে সকলােকে ক’ভিড প্ৰতিষেধক প্ৰদানৰ উদ্দেশ্যে ঘােষণা কৰা ‘হৰ ঘৰ দস্তক’ কাৰ্যসূচীত কৰ্তব্য সম্পাদনৰ সময়তে সংঘটিত এক দুৰ্ঘটনাত আহত হৈ চিকিৎসালয়ত মৃত্যু এগৰাকী কৃতী শিক্ষয়িত্ৰীৰ।

মৃত শিক্ষয়িত্ৰীগৰাকী হৈছে কামৰূপ জিলাৰ হাজাে ৰাজহ চক্ৰৰ অন্তর্গত গায়নটোলা নিবাসী তথা হাজো কুশৱৈ প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী কৰৱী বৰুৱা দাস।

Capture1

মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৪২ বছৰ।

জানিব পৰামতে, যোৱা ৩ ডিচেম্বৰত কৰৱী বৰুৱাই ঘৰ ঘৰ দস্তক কাৰ্যসূচী সামৰি এখন ই বিক্সাৰে ঘৰলৈ উভতি অহাৰ পথত হাজো সাতডলাত দুর্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আহত হৈছিল।

ততালিকে তেওঁক হাজো এফ আৰ ইউত ভৰ্তি কৰোৱা হয় যদিও স্বাস্থ্যৰ অৱস্থা গুৰুতৰ হোৱাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে।

বিগত এসপ্তাহে মৃত্যুৰ সৈতে যুঁজ দি বুধবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে।

মৃত্যুৰ সময়ত তেওঁ স্বামী হিতেশ দাস, দুই পুত্র-কন্যাসহ বহু আত্মীয়ক এৰি থৈ যায়।

বৃহস্পতিবাৰে মৃতদেহ ঘৰত উপস্থিত হােৱাত বৃহত্তৰ গায়নটােলা অঞ্চলত গভীৰ শােকৰ ছাঁ পৰে।

ইয়াৰ পাছতে স্বৰ্গ যাত্ৰা ত্ৰিবেণী ধামত বৃহৎ সংখ্যক লােকৰ উপস্থিতিৰ শিক্ষয়িত্ৰীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয়।

লগতে চাওকঃ

মৰ্মান্তিক! ওপজা দিনতে পথ দুৰ্ঘটনাত প্ৰাণ গ’ল পাৰ্থ প্ৰতিমৰ

Leave a Comment