ৰাষ্ট্ৰীয়

‘হৰ ঘৰ তিৰংগা’ৰ নামত দেশজুৰি ৫০০ কোটি টকাৰ ব্যৱসায়…

সোমবাৰে দেশবাসীয়ে উলহ মালহেৰে উদযাপন কৰে দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস।

এইবাৰ দেশত তিনিদিনীয়াকৈ উদযাপন কৰা হয় স্বাধীনতা দিৱস।

দেশৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ বাবে আজাদী কা অমৃত মহোৎসৱ কাৰ্যসূচীৰ লগত সংগতি ৰাখি হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী হাতত লোৱা হয়।

‘হৰ ঘৰ তিৰংগা’ৰ নামত দেশজুৰি কৰা হয় ৫০০ কোটি টকাৰ ব্যৱসায়।

প্ৰধানমন্ত্ৰীৰ আহ্বানৰ পাছতে দেশত বিক্ৰী হৈছে প্ৰায় ৩০ কোটি পতাকা।

সৰ্বভাৰতীয় ব্যৱসায়ীসকলৰ সংগঠনে সদৰী কৰিছে এই তথ্য।

উল্লেখ্য যে, আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ১৩ৰ পৰা ১৫ আগষ্টলৈকে পতাকা উত্তোলনৰ বাবে দেশজুৰি আহ্বান জনাইছিল প্ৰধানমন্ত্ৰীয়ে।

২০ দিনত ৩০ কোটি পতাকা প্ৰস্তুত কৰি উলিওৱা হৈছিল দেশত। CAITই দেশজুৰি অনুষ্ঠিত কৰিছিল প্ৰায় ৩ হাজাৰ ইভেণ্ট।

কটন, ঊণ, চিল্ক, খাদীৰ উপৰিও হাতে বোৱা আৰু মেচিনত প্ৰস্তুত কৰা হৈছিল পতাকা।

ইয়াৰ পূৰ্বে পতাকাৰ বাৰ্ষিক বিক্ৰী আছিল ১৫০ পৰা ২০০ কোটি টকা।

Related Articles

Back to top button