হৰ্ষৰ মাজতে বিষাদ! টিকট লাভ কৰা প্ৰাৰ্থীৰ আদৰণী ৰেলীত নৃত্যৰত অধিবক্তাৰ মৃত্যু

March 7, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এক অপ্ৰত্যাশিত ঘটনা! দলীয় টিকট লাভ কৰা প্ৰাৰ্থীক আদৰণী জনােৱাৰ সময়তে কৰুণ মৃত্যু ঘটিল এজন সমৰ্থকৰ।

তিনিচুকীয়াত সংঘটিত হৈছে এই শােকাৱহ ঘটনা।

বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈ টিকট লাভ কৰিবলৈ সক্ষম হোৱা তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সঞ্জয় কিষাণৰ আদৰণী ৰেলীৰ সময়তে এই মৰ্মান্তিক ঘটনা সংঘটিত হয়।

আদৰণী কাৰ্যসূচীত ঢােল-তাল মাতত নাচি থকা এজন অধিবক্তাৰ হঠাতে হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু ঘটে। এই ঘটনাই অঞ্চলবাসীৰ মাজত তীব্ৰ শােকৰ ছাঁ পেলাইছে।

জানিব পৰা মতে, টলীয় টিকট লাভ কৰি সদল-বলে মোহনবাৰী বিমান বন্দৰৰ পৰা অহা সঞ্জয় কিষাণক ভালেসংখ্যক সমৰ্থকে গোবিন্দপুৰ বাই পাছৰ পৰা সমদল কৰি আদৰি আনে।

ইয়াৰ মাজতে কিষাণে তিনিচুকীয়া চহৰৰ তিনিকোণীয়াস্থিত সাৰ্বজনীন কালীবাড়ীত পূজা-অৰ্চনা কৰাৰ হেতু প্ৰৱেশ কৰাৰ সময়ত বেণ্ড পাৰ্টিৰ লগতে ডি জে গীতৰ তালে তালে আনন্দত আত্মহাৰা হৈ নৃত্য কৰি উত্ৰাৱল হৈ পৰা একাংশ সমৰ্থকৰ মাজৰে তিনিচুকীয়া জিলা বিজেপিৰ আইন কোষৰ আহ্বায়ক জয়প্ৰকাশ শ্বাহ (৩৭) মাটিত ঢলি পৰে।

তেওঁক তাততৈয়াকৈ তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

মাকুম গড়বস্তিৰ বাসিন্দা ভোলা শ্বাহৰ অধিবক্তা পুত্ৰ তথা দুটা সন্তানৰ পিতৃ জয়প্ৰকাশৰ আকস্মিক মৃত্যুত তিনিচুকীয়া জিলা বিজেপিয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

লগতে চাওকঃ

কামৰূপ জিলা প্ৰশাসনৰ ‘ব্ৰেণ্ড এম্বাছেডৰ’ ‘ৰাকু দা’! চাওক সজাগতা মূলক ভিডিঅ’-ফটাে

৪ যুৱকৰ সৈতে প্ৰেম আছিল যুৱতীৰ! লটাৰী পাতি এজনৰ সৈতে বিয়া সম্পন্ন কৰিলে পঞ্চায়তে

সুকলমে সম্পন্ন হৈছিল বিয়া, ন-কইনাই বিদায় লােৱাৰ মুহূৰ্তত ঘটিল এক হৃদয়বিদাকৰ ঘটনা

এদিনৰ বাবে এখন ৰাজ্যৰ গৃহমন্ত্ৰী হ’ল এগৰাকী মহিলা কনিষ্টবল!