
নিউজ ডেস্কঃ বিজেপিৰ বাবে ঘৰ শত্ৰু বিভীষণৰ দৰেই হৈ পৰিছে সাংসদ বৰুণ গান্ধী! প্ৰায়ে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন সিদ্ধান্তৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰি অহা বিজেপি সাংসদ গৰাকীয়ে এইবাৰ ‘অগ্নিপথ’ আঁচনিক লৈ ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া।
অগ্নিপথ আঁচনিৰ জৰিয়তে নিযুক্তি লাভ কৰা অগ্নিবীৰ সকলক পেঞ্চন প্ৰদানৰ দাবী উত্থাপন কৰে বৰুণ গান্ধীয়ে। অন্যথা তেওঁ নিজেও সাংসদৰ পেঞ্চন গ্ৰহণ নকৰাৰ হুংকাৰ দিয়ে। এই সন্দৰ্ভত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীলৈ এখন পত্ৰ লিখা বুলিও টুইটযোগে জানিবলৈ দিয়ে বৰুণ গান্ধীয়ে।
বিজেপিৰ সাংসদ গৰাকীয়ে দাবী কৰা মতে, যদি ৪ বছৰৰ চাকৰি কৰাৰ বাবেই অগ্নিবীৰ সকলক পেঞ্চন প্ৰদান কৰা নহয়, তেন্তে ৫ বছৰ কাৰ্যকাল সম্পন্ন কৰা সাংসদ-বিধায়ক সকলক কিয় পেঞ্চন দিব লাগে। সাংসদক ইমান সংখ্যক দৰমহা প্ৰদান কৰাৰ পিছতো পেঞ্চন প্ৰদানৰ প্ৰয়োজন কি বুলিও প্ৰশ্ন কৰে বৰুণ গান্ধীয়ে।
যদি অগ্নিবীৰ পেঞ্চনৰ পৰা বঞ্চিত হয়, তেন্তে জনপ্ৰতিনিধি সকলকো পেঞ্চন দিয়া বন্ধ কৰিবলৈ দাবী জনায় সাংসদগৰাকীয়ে।
अल्पावधि की सेवा करने वाले अग्निवीर पेंशन के हकदार नही हैं तो जनप्रतिनिधियों को यह ‘सहूलियत’ क्यूँ?
— Varun Gandhi (@varungandhi80) June 24, 2022
राष्ट्ररक्षकों को पेन्शन का अधिकार नही है तो मैं भी खुद की पेन्शन छोड़ने को तैयार हूँ।
क्या हम विधायक/सांसद अपनी पेन्शन छोड़ यह नही सुनिश्चित कर सकते कि अग्निवीरों को पेंशन मिले?
উল্লেখ্য যে, ইয়াৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ কৃষি আইনেই হওক বা বিমুদ্ৰাকৰণ নীতি, প্ৰায় সকলোবোৰ বিতৰ্কিত বিষয়তে বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া ব্যক্ত কৰি আহিছে বৰুণ গান্ধীয়ে।
আনহাতে, অগ্নিপথ আঁচনিক লৈ সমগ্ৰ দেশজুৰি চলা প্ৰতিবাদ লাহে লাহে শাম কটাৰ উপক্ৰম ঘটাৰ সময়তে বিজেপি সাংসদ গৰাকীয়ে প্ৰকাশ কৰা প্ৰতিক্ৰিয়াই পুনৰ এবাৰ পৰিস্থিতি উত্তপ্ত কৰি তোলাৰ আশংকা কৰিছে বহুতে।