হোৱাটছএপতে লাভ কৰিব প্ৰতিষেধক গ্ৰহণৰ প্ৰমাণ পত্ৰ! চাওক সবিশেষ

নিউজ ডেস্ক। প্ৰতিষেধক গ্ৰহণ কৰি প্ৰমাণ পত্ৰ লাভৰ বাবে এতিয়াৰে পৰা আৰু আপুনি নালাগে সমস্যাত ভুগিব।

এতিয়াৰে পৰা প্ৰতিষেধক গ্ৰহণ কৰা লোকসকলে হোৱাটছএপতে লাভ কৰিব পাৰিব প্ৰতিষেধক গ্ৰহণৰ প্ৰমাণ পত্ৰ।

হোৱাটছএপ যোগে এটা মাত্ৰ মেছেজ দিলেই আপুনি লাভ কৰিব পাৰিব প্ৰতিষেধক গ্ৰহণৰ প্ৰমাণ পত্ৰ।

দেওবাৰে স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি, যিকোনো লোকে তেওঁলোকৰ টিকাকৰণৰ প্ৰমাণপত্ৰ লাভ কৰিবৰ বাবে তেওঁলোকে বিভাগে দিয়া এটা নম্বৰলৈ হোৱাটছএপ মেছেজ প্ৰেৰণ কৰিব লাগিব। আৰু তাৰ পিছতেই তেওঁলোকে লাভ কৰি পাৰিব প্ৰমাণপত্ৰ।

এই সন্দৰ্ভত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডব্যই টুইটযোগে কয় যে, প্ৰতিষেধক গ্ৰহণকাৰী সকলে প্ৰথমতে নিজৰ পঞ্জীয়ন কৰা মোবাইল ফোনত কোৰোনা হেল্পডেস্ক নম্বৰ +৯১৯০১৩১৫১৫১৫ ক চেভ কৰিব লাগিব।

তাৰ পিছত ব্যক্তিয়ে ‘Covid Certificate’ টাইপ কৰিব লাগিব। আৰু তাৰ ৩০ ছেকেণ্ডৰ ভিতৰত সেই নম্বৰত প্ৰেৰণ কৰা OTP প্ৰেৰণ কৰিব লাগিব।

এই প্ৰক্ৰিয়াৰ জৰিয়তে প্ৰতিষেধক গ্ৰহণকাৰী লোকে তেওঁলোকৰ প্ৰথম আৰু দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণৰ প্ৰমাণ পত্ৰ লাভ কৰিব পাৰিব।

Leave a Comment