হোলীৰ সময়তে অঘটন! ভক্তৰ বাবে মন্দিৰৰ সন্মুখত ফুল আৰু ফলমূলৰ দোকান দিয়া বিক্ৰেতাক মহটিয়াই লৈ গ’ল তীব্ৰবেগী থাৰে, ২ জনৰ মৃত্যু

নিউজ ডেস্কঃ হোলীৰ উল্লাসৰ মাজতে ৰাজধানী দিল্লীত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাই অকাল মৃত্যু মাটি আনিলে দুজনলৈ।

এখন তীব্ৰবেগী থাৰে কেইবাজনো মহটিয়াই লৈ যোৱাত দুজন লোকৰ মৃত্যু ঘটাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় শিশুসহ আন ৮ জন।

এই মৰ্মান্তিক ঘটনা সংঘটিত হয় দক্ষিণ-পশ্চিম দিল্লীৰ বসন্ত বিহাৰ মালাই মন্দিৰৰ সমীপত।

থাৰৰ খুন্দাত নিহত দুজনক মুন্না আৰু সমীৰ বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, দুৰ্ঘটনাগ্ৰস্ত লোক সকলে হোলীৰ বাবে মলাই মন্দিৰলৈ সমাগম ঘটা ভক্তৰ বাবে পথৰ দাঁতিত ফলমূল আৰু ফুলৰ দোকান দিছিল।

সেই সময়তে ঘণ্টাত ১২০ কিলোমিটাৰতকৈও অধিক বেগত অহা থাৰ খনে পদপথৰ বিক্ৰেতা কেইজনক মহটিয়াই লৈ যায়।

ইয়াৰ পিছতে থাৰখনে আন দুখন বাহনতো খুন্দা মাৰে।

এই দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত সকলক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে।

আৰক্ষীৰ তথ্য অনুসৰি আহত লোকসকল বসন্ত বিহাৰৰ শিৱ কেম্প আৰু আৰ কে পুৰমৰ একতা বিহাৰৰ বাসিন্দা।