নিউজ ডেস্কঃ চৌদিশে বন্যাৰ্তৰ হাহাকাৰ! বাৰিষাৰ বানত এতিয়া বুৰ গৈছে অসম।
২৬ খনৰো অধিক জিলাত হাজাৰ হাজাৰ লোক বানৰ কবলত পৰিছে। হেৰুৱাইছে ঘৰ-বাৰী, বানে ধুই নিছে হেঁপাহৰ খেতিপথাৰ খন!
অসমৰ বাবে বান নতুন কথা নহয়। প্ৰতিবাৰেই চৰকাৰে বানপানী ৰোধৰ প্ৰতিশ্ৰুতি দিয়ে। কিন্তু তথাপিও বান আহেই। লাখ লাখ জনতাই বানত ককবকাই ফুৰে।
কলৰ ভূঁৰত উঠি বন্যাৰ্তই জীৱন-সম্পত্তিৰ ৰক্ষাৰ চেষ্টা চলায়, আৰু হেলিকপ্টাৰত উঠি নেতা-মন্ত্ৰীয়ে বন্যাৰ্তৰ দুখৰ বুজ লয়।

এইবাৰো তাৰ ব্যতিক্ৰম নহয়। সমগ্ৰ ৰাজ্যজুৰি চলা বানৰ সংহাৰৰ সময়ত বিলাসী বাহনত উঠি নেতা-মন্ত্ৰী-বিধায়কে বান পৰিস্থিতিৰ বুজ লৈছে।
এইবছৰ নহ’ল যেতিয়া অহা বছৰলৈকে বান সমস্যা ৰোধৰ আকৌ এবাৰ প্ৰতিশ্ৰুতি দিছে।

এনে সময়তে এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে লামডিঙৰ বিজেপি বিধায়ক শিবু মিশ্ৰৰ এটা ভিডিঅ’।
দামী পোছাক, দামী জোতা পিন্ধি ভোকে-পিয়াহে থকা বন্যাৰ্তৰ খবৰ ল’বলৈ গৈছে বিধায়কগৰাকীয়ে। আৰু সেই সময়তে তেওঁ সংঘটিত কৰিছে এক লজ্জাজনক কাণ্ড!
পানী গচকিব নোৱাৰা ‘সম্ভ্ৰান্ত’ বিধায়কগৰাকীয়ে এগৰাকী সাংবাদিকৰ বোকোচাত উঠিয়েই আৰম্ভণি ঘটাইছে বান পৰিদৰ্শন যাত্ৰাৰ। মাত্ৰ ২০ গজ দূৰত্বত থকা নাওখনলৈও পানী গচকি আহিব নোৱাৰে শিবু মিশ্ৰই। যাৰ বাবে তেওঁ সহায় ল’বলগীয়া হৈছে বন্যাৰ্তৰ বাতৰি যুগুতোৱাত ব্যস্ত এগৰাকী সাংবাদিকৰ।

সামাজিক মাধ্যমত বিজেপি বিধায়কজনৰ এই ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে স্পষ্টীকৰণো দিছে শিবু মিশ্ৰই। নিজৰ পক্ষত থিয় হৈ তেওঁ কৈছে- গা বেয়া বাবেই হেনো সেইদিনা তেওঁ পানীত খোজ দিয়া নাছিল।
বিধায়কগৰাকীৰ গা বেয়া হোৱাটো ডাঙৰ কথা নহয়। সেই কথা বুজি পায় নেটিজেনেও। কিন্তু ২০ গজ দূৰত্বৰ থকা নাওখনলৈ যাবলৈ তেওঁ আনৰ বোকোচাত কিয় উঠিবলগীয়া হ’ল তাক লৈহে এতিয়া চলিছে চৰ্চা।
বিধায়কজনে যিমানেই স্পষ্টীকৰণ নিদিয়ক কিয়, সাধাৰণ জনতাৰ কাষত সুখে-দুখে থাকিম বুলি দিয়া প্ৰতিশ্ৰুতিৰ পিছতো এনেদৰে শাসকীয় দলৰ এজন বিধায়কে অলপমান পানী গছকিবলৈ অনীহা কৰা কাৰ্যইহে হতচকিত কৰিছে সকলোকে।
সামাজিক মাধ্যমতো বিধায়কজনক একেমুখে ধিক্কাৰ দিছে নেটিজেনে।
লগতে চাওকঃ
আনৰ পিঠিত উঠি বান চাবলৈ যােৱা বিজেপি বিধায়কক লৈ কি ক’লে মুখ্যমন্ত্ৰীয়ে?
