
নিউজ ডেস্কঃ সম্পৰ্কীয় ভাতৃৰ মৃতকৰ সকামলৈ নিমন্ত্ৰণ দিবলৈ যাওতেই ভয়ংকৰ পথ দুৰ্ঘটনাত একেলগে প্ৰাণ হেৰুৱাবলগীয়া হ’ল ৩ বন্ধুৱে।
এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডৰ গুমগুলা চহৰৰ সমীপত।
তিনি বন্ধুৱে একেলগে যাত্ৰা কৰা বাইকখন নিয়ন্ত্ৰণহীন হৈ বাগৰি পৰাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মৃত্যুক সাৱটি লয় যুৱক তিনিজনে।
নিহত যুৱক কেইজনৰ পৰিচয় অমন বেক (২১), কুলদ্বীপ খালখো (২২) আৰু আকাশ বেক (২১) বুলি জানিব পৰা গৈছে।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, অলপতে মৃত্যু ঘটিছিল অমন বেকৰ সম্পৰ্কীয় ভাতৃ ৰোহন বেকৰ। যাৰ বাবে অমনে দুই বন্ধুক লগত লৈ ভাতৃৰ মৃতকৰ সম্পৰ্কলৈ নিমন্ত্ৰণ দিবলৈ মাঞ্জাটলিৰ পৰা গুমগুমালৈ গৈছিল।
কিন্তু তিনিও যুৱকে যাত্ৰা কৰা বাইকখন কৰৌন্দিৰ সমীপত নিয়ন্ত্ৰণহীন পথৰ দাঁতিত উফৰি পৰাত থিতাতে প্ৰাণ হেৰুৱায় অমন, কুলদ্বীপ আৰু আকাশে।
দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়তে যুৱক তিনিজনে হেলমেট পৰিধান কৰা নাছিল বুলি জানিবলৈ দিছে আৰক্ষীয়।
আৰক্ষীৰ মতে, যুৱক কেইজনে হেলমেট পৰিধান কৰা হলে দুৰ্ঘটনাত প্ৰাণ ৰক্ষা পৰিলহেঁতেন।