
নিউজ ডেস্কঃ হোলীৰ দিনাই চাপৰত শোকাবহ দুৰ্ঘটনা।
কাণত হেডফোন লগাই ৰে’লপথ পাৰ হ’বলৈ লওতেই ৰে’লৰ খুন্দাত মৃত্যু এজন যুৱকৰ।
চাপৰৰ ধীৰঘাটৰ ৰে’লপথত সংঘটিত হয় এই শোকাবহ ঘটনা।
নিহত যুৱকজন চাপৰৰ পুঠিমাৰীৰ চিৰাজুল হক বুলি চিনাক্ত কৰা হৈছে।
জানিব পৰা মতে, গাড়ীৰ হেণ্ডিমেন হিচাপে কৰ্মৰত আছিল চিৰাজুল।
দিনৰ প্ৰায় ১১ বজাত যুৱকজনে ৰে’লপথ পাৰ হোৱাৰ সময়তে এখন মালবাহী ৰে’লে খুন্দা মাৰে।
যাৰ ফলত থিতাতে মৃত্যু ঘটে চিৰাজুলৰ।
কাণত হেডফোন পৰিধান কৰি থকাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰিছে স্থানীয় লোকেে।