হেকাৰৰ কবলত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ টুইটাৰ একাউণ্ট, মন্ত্ৰীগৰাকীৰ একাউণ্টৰ পৰা অজ্ঞাত লোকে কৰিছে পোষ্ট…

হেকাৰৰ কবলত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ টুইটাৰ একাউণ্ট।

মন্ত্ৰীগৰাকীৰ একাউণ্টৰ পৰা অজ্ঞাত লোকে কৰিছে পোষ্ট।

কোনো অজ্ঞাত লোক বা প্ৰতিষ্ঠানে মন্ত্ৰীগৰাকীৰ একাউণ্টটো হেক কৰি বিভিন্ন ব্যৱসায়িক বিজ্ঞাপন টুইট কৰি আছে।

সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে মন্ত্ৰীগৰাকীয়ে নিজেই এই কথা সদৰি কৰিছে।

মন্ত্ৰীগৰাকীয়ে ফেইচবুকত এটা প’ষ্ট শ্বেয়াৰ কৰি কয়, ‘যোৱাৰাতি মোৰ টুইটাৰ একাউন্টটো হেক কৰি কোনো অজ্ঞাত সংস্থাৰ দ্বাৰা বিভিন্ন ব্যৱসায়িক বিজ্ঞাপন টুইট কৰি আছে। আমি একাউন্টটো পুনৰ ঠিক কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। এই সময়ত মোৰ টুইটাৰ একাউন্টৰ পৰা যোৱা কোনো তথ্য বা খবৰেই গ্ৰহণযোগ্য নহয়। এই সূচনাযোগে সকলোকে এই সংবেদনশীল বিষয়টোৰ বিষয়ে জনোৱা হ’ল’।