হৃদয়স্পৰ্শী! দেশৰ সুৰক্ষাত নিয়োজিত মাতৃ, কাষতে একান্তমনে খেলি আছে কণমাণিয়ে…

নিউজ ডেস্ক। এগৰাকী সৈনিক হিচাপে দেশৰ সুৰক্ষাত নিয়োজিত তেওঁ। সমান্তৰালভাৱে তেওঁ এগৰাকী মাতৃও। যাৰ বাবে দেশৰ সমানেই দায়িত্ব পালন কৰিব লগা হয় সন্তানৰো।

আৰু মাতৃ আৰু সৈনিক হৈ সন্তান আৰু দেশৰ প্ৰতি সমানেই তেওঁ দায়বদ্ধ।

শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এগৰাকী মহিলা সৈনিকৰ এটা ভিডিঅ’।

vlcsnap 2022 04 26 20h59m01s404
হৃদয়স্পৰ্শী! দেশৰ সুৰক্ষাত নিয়োজিত মাতৃ, কাষতে একান্তমনে খেলি আছে কণমাণিয়ে... 4

সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বিএছএফৰ পোছাক পৰিহিতা মহিলাগৰাকী এগৰাকী মাতৃও। তাৰ প্ৰমাণ তেওঁৰ কাষতে মাটিত পুতলাৰে খেলি থকা এটি কণমানি।

সামাজিক মাধ্যমত দ্ৰুতগতিত ভাইৰেল হৈ পৰা এই ভিডিঅ’ প্ৰত্যক্ষ কৰি নয়ন ভৰি পৰিছে নেটিজেনৰ।

মাতৃত্ব আৰু সৈনিক হোৱাৰ দায়িত্ব সমানে পালন কৰা মহিলাগৰাকীৰ কৰ্তব্যনিষ্ঠাই মন জয় কৰিছে অগণন জনৰ।

ভাইৰেল হৈ পৰা ভিডিঅ’টোত এগৰাকী মহিলাক বিএছএফৰ পোছাকত সেনাৰ চেক পইণ্টত দায়িত্ব পালন কৰি থকা দেখা গৈছে। তেওঁৰ সন্মুখত আছে এটা বন্দুকো।

আনহাতে চেক পইণ্টৰ ভিতৰতে মাটিত খেলি আছে এটি কণমানি শিশু।

মাতৃৰ কৰ্তব্য নিষ্ঠাৰ বিপৰীতে শিশুটিয়ে যুদ্ধৰ ভয়াবহতা বা কোনো অশনি সংকটৰ পৰা বহু নিলগত একান্তমনে খেলিছে নিজৰ পুতলাৰ সৈতে।

vlcsnap 2022 04 26 20h59m02s622
হৃদয়স্পৰ্শী! দেশৰ সুৰক্ষাত নিয়োজিত মাতৃ, কাষতে একান্তমনে খেলি আছে কণমাণিয়ে... 5

খুব কম সময়ৰ ভিতৰতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে সৈনিক মাতৃ আৰু সন্তানৰ এই হৃদয়স্পৰ্শী ভিডিঅ’। বহুতে বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

অনেকেই মহিলা সেনা জোৱানগৰাকীৰ কৰ্তব্যনিষ্ঠাৰ শলাগ লৈছে।

লগতে চাওকঃ

এইবাৰ JCB ৰে ২৭ লাখ টকাসহ ATM উঠাই নিলে চােৰে! সামাজিক মাধ্যমত ভাইৰেল আজব চুৰিকাণ্ড

G7 6
হৃদয়স্পৰ্শী! দেশৰ সুৰক্ষাত নিয়োজিত মাতৃ, কাষতে একান্তমনে খেলি আছে কণমাণিয়ে... 6

Leave a Comment