হৃদয়বিদাৰক! ঘাইপথ বহল কৰাৰ নামত গছ কাটি প্ৰজননৰ সময়তে শ শ পৰিভ্ৰমী চৰাইক হত্যা, দ্বিতীয়বাৰৰ বাবে ঘটিল এই ঘটনা

নিউজ ডেস্কঃ মানুহ যিমানেই আধুনিক হৈছে, সিমানেই কমি আহিছে অৰণ্যৰ পৰিসৰ। হ্ৰাস পাইছে গছ-গছনি। যাৰ প্ৰভাৱ পৰিছে প্ৰকৃতিৰ ওপৰত। মানুহৰ বিলাসিতাই গৃহহাৰা কৰিছে বন্য জীৱ-জন্তু, চৰাই-চিকিকটিক!

আগষ্টৰ প্ৰথম সপ্তাহত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল এটা ভিডিঅ’। ঘাইপথৰ দাঁতিৰ এডাল গছ উভালি পৰাত সেই গছজোপাত আশ্ৰয় লোৱা শ শ চৰাই মুহূৰ্তৰ ভিতৰতে গৃহহাৰা হৈ পৰিছিল। সামাজিক মাধ্যমত সেই দৃশ্য ভাইৰেল হৈ পৰাৰ পিছতে ক্ষুব্ধ হৈ পৰিছিল প্ৰকৃতিপ্ৰেমী আৰু পৰিৱেশবিদসকল। কেৰালাৰ মালপপুৰম জিলাৰ ৰান্দাথনীৰ ৬৬নং ৰাষ্ট্ৰীয় ঘাইপথত ঘটিছিল এই ঘটনা।

photo1662129622
হৃদয়বিদাৰক! ঘাইপথ বহল কৰাৰ নামত গছ কাটি প্ৰজননৰ সময়তে শ শ পৰিভ্ৰমী চৰাইক হত্যা, দ্বিতীয়বাৰৰ বাবে ঘটিল এই ঘটনা 4

এইবাৰ একেখন জিলাৰ পৰাই পোহৰলৈ আহিছে আন এক একেই খবৰ। এইবাৰ জিলাখনৰ তিৰুৰাংগড়ীৰ সমীপৰ ভি কে পাদীত ঘাইপথ বহল কৰিবলৈ কটা এজোপা গছৰ তলত পিষ্ট হৈ নিহত হয় অসংখ্য কৈলাঙী চৰাই (ইণ্ডিয়ান কৰ্মৰেণ্ট)ৰ পোলালি, নষ্ট হয় অসংখ্য কণী। লগতে গৃহহাৰা হৈ পৰে প্ৰজননকাৰী পৰিভ্ৰমী চৰাইৰ জাক।

photo1662129623
হৃদয়বিদাৰক! ঘাইপথ বহল কৰাৰ নামত গছ কাটি প্ৰজননৰ সময়তে শ শ পৰিভ্ৰমী চৰাইক হত্যা, দ্বিতীয়বাৰৰ বাবে ঘটিল এই ঘটনা 5

সামাজিক মাধ্যমত এই ঘটনাৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। চৰাইৰ প্ৰজননৰ সময়তে এনেদৰে গছ কটা কাৰ্যক লৈ তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে পৰিৱেশবিদ সকলে। কটা গছৰ তলত নিথৰ হৈ পৰি থকা নতুনকৈ জগা কৈলাঙী চৰাইৰ কণ কণ পোৱালীবোৰে চকু সেমেকাই তোলে উপস্থিত সকলোৰে।

ইফালে, এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছতে কেৰালা বন বিভাগে দোষীৰ বিৰুদ্ধে আইনী ব্যৱস্থা আৰম্ভ কৰিছে। ভাৰতীয় বন্যপ্ৰাণী সুৰক্ষা আইনৰ অনুসূচী ৪ৰ অধীনত ৰুজু কৰা হৈছে গোচৰ।

photo1662129623 2
হৃদয়বিদাৰক! ঘাইপথ বহল কৰাৰ নামত গছ কাটি প্ৰজননৰ সময়তে শ শ পৰিভ্ৰমী চৰাইক হত্যা, দ্বিতীয়বাৰৰ বাবে ঘটিল এই ঘটনা 6

ক্ষুব্ধ স্থানীয় লোকসকলে কয় , “চৰাইৰ প্ৰজননৰ সময়ত কেনেদৰে গছ কাটিবলৈ অনুমতি প্ৰদান কৰা হ’ল সেই সন্দৰ্ভত বন বিভাগে উত্তৰ দিয়াৰ প্ৰয়োজন আছে। এই চৰাইবোৰৰ প্ৰজননৰ বতৰ জুনৰ পৰা নৱেম্বৰৰ ভিতৰত হয়। এয়া যথেষ্ট দুৰ্ভাগ্যজনক যে প্ৰজননৰ সময়তে এনেদৰে চৰাইৰ জাকটোক ধ্বংস কৰা হ’ল।’

দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দি ৰাজ্যিক লোক নিৰ্মাণ মন্ত্ৰী পি এ মহম্মদ ৰিয়াছে ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ পৰা এই ঘটনা সন্দৰ্ভত ব্যাখ্যা বিচাৰিছে।

ইফালে, ঘাইপথ বহল কৰাৰ নামত এনেদৰে চৰাই জাকৰ আশ্ৰয়স্থলী গছ কাটি অসংখ্য চৰাইক হত্যা কৰা এই দুৰ্ভাগ্যজনক ঘটনা সন্দৰ্ভত অৱগত কৰি কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীলৈ এক পত্ৰ প্ৰেৰণ কৰিছে ছেভ ৱেটলেণ্ডছ ইণ্টাৰনেশ্যনেল মুভমেণ্টৰ চিইঅ’ থমাছ লৰেন্সে।