fbpx
অসমীয়াৰাষ্ট্ৰীয়

হৃদয় বিদাৰক! বিধ্বংসী অগ্নিকাণ্ডত জ্বলি ছাই হৈ গ’ল এটা পৰিয়াল, জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু পিতৃ-মাতৃ আৰু তিনি সন্তানৰ…

নিউজ ডেস্কঃ নিশা শুই থকা সময়তে সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটি ল’লে এহাল দম্পতী আৰু তেওঁলোকৰ তিনি সন্তানে।

এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ কানপুৰৰ ডেহাটত।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ডেহাটৰ হৰমৌ বঞ্জৰাডেৰা গাঁৱৰ এটা পৰিয়ালৰ জুপুৰি ঘৰটোত সংঘটিত অগ্নিকাণ্ডত মৃত্যুক সাৱটি লয় গোটেই পৰিয়ালটোৱে।

জানিব পৰা মতে, এই অগ্নিকাণ্ডৰ সময়ত নিশা শুই আছিল সতীশ, তেওঁৰ পত্নী কাজল আৰু তেওঁলোকৰ তিনি সন্তান।

বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।

পিছত ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ কেইবা ঘণ্টাৰ প্ৰচেষ্টাৰ অন্তত নিৰ্বাপন কৰে জুই।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই মৰ্মান্তিক ঘটনাত শোক প্ৰকাশ কৰি শোকসন্তপ্ত আত্মীয়-স্বজনক সমবেদনা জ্ঞাপন কৰিছে।

Related Articles

Back to top button