fbpx
অসমীয়াৰাষ্ট্ৰীয়

হৃদয় বিদাৰক! পুত্ৰৰ মৃত্যুৰ এদিন পিছতে হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু শোকদগ্ধ মাতৃৰো…

নিউজ ডেস্কঃ কোৱা হয়- মানুহৰ জীৱনৰ আটাইতকৈ ডাঙৰ শোকটোৱেই হৈছে সন্তান হেৰুওৱা শোক!

গৰ্ভৰ সন্তানটি জন্মৰ পিছত আলফুলে তুলি তালি ডাঙৰ দীঘল কৰা পিতৃ-মাতৃৰ চকুৰ সন্মুখতে যেতিয়া সন্তানটো হেৰাই যায়, তেন্তে সেয়া কিমান বিষাদময় হ’ব পাৰে সেয়া কেৱল বুজা জনেহে বুজে।

এনে পুত্ৰ শোকতে ব্যথিত হৈ পৰি মৃত্যুক সাৱটিলে এগৰাকী মাতৃয়েও।

ঘটনা কেৰালাৰ আলাপ্পুঝাৰ। কোনো কাৰণত পুত্ৰই আত্মহনন কৰাৰ এদিন পিছত শোকত ভাগি পৰা মাতৃৰো হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু ঘটে।

জানিব পৰা মতে, বুধবাৰে আলাপ্পুঝাৰ পুৰাক্কাডৰ সমীপৰ কৰূৰত নিজ গৃহত চিপ লৈ আত্মহত্যা কৰিছিল নিধিন নামৰ এজন ৩৪ বছৰীয়া মাছমৰীয়া যুৱকে।

পুত্ৰৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পিছতে বুধবাৰে নিশা হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ পৰে মাতৃ ইন্দুলেখা (৫৪)ৰো।

লগে লগে তেওঁক মেডিকেল কলেজ হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসাধীন অৱস্থাতে বৃহস্পতিবাৰে মাতৃৰো মৃত্যু ঘটে।

পুত্ৰ নিধিনে অৱশ্যে কি কাৰণে আত্মহত্যাৰ পথ বাছি ল’লে সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

এদিনৰ অগা-পিছাকৈ পুত্ৰ আৰু মাতৃ্ৰ মৃত্যুৱে এতিয়া শোকস্তব্ধ কৰি তুলিছে পৰিয়ালটোক।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!