
নিউজ ডেস্কঃ নিজৰ চকুৰ সন্মুখতে জ্বলি চাই হৈ গ’ল পিতৃ-মাতৃ!
বন্ধ গাড়ীৰ ভিতৰৰ পৰা প্ৰচণ্ড জুইয়ে গাৰ মঙল পোৰা পিতৃ-মাতৃৰ চিৎকাৰ শুনিও তেওঁলোকৰ বাবে একো কৰিব নোৱাৰিলে কণমানিটিয়ে।
চকুৰ সন্মুখত সংঘটিত এই হৃদয় বিদাৰক ঘটনাই এতিয়া গভীৰ চাপ পেলাইছে কণমানি শ্ৰীপাৰ্বতীৰ জীৱনত।
মাতৃ আছিল অন্তঃসত্বা। আহিবলগীয়া শিশুটিক এই জগতলৈ আদৰি আনিবলৈ অধীৰ আগ্ৰহেৰে বাট চাইছিল কণমানি শ্ৰীপাৰ্ৱতীয়ে।
একেলগে খেলাৰ, একে ৰঙৰ কাপোৰ পিন্ধি ফুৰিবলৈ যোৱা… কিমান যে সপোন দেখিছিল তাই!
বৃহস্পতিবাৰে মাতৃ ৰীচাৰ প্ৰসৱ বেদনা আৰম্ভ হোৱাত পিতৃ প্ৰজিতে তেওঁক গাড়ীৰে হাস্পতাললৈ নিয়াৰ প্ৰস্তুতি চলায়।
পিতৃ-মাতৃৰ সৈতে হাস্পতাললৈ যোৱাৰ জিদ ধৰে শ্ৰীপাৰ্বতীয়েও।
কিন্তু হাস্পতাল পাবলৈ মাত্ৰ আৰু অলপ দূৰ বাকী থকা সময়তে হঠাৎ তেওঁলোকৰ গাড়ীখনত জুইৰ সূত্ৰপাত ঘটি দাউদাউকৈ জ্বলি উঠে।
জুই লগাৰ পিছতে পিছৰ চিটত বহি অহা শ্ৰীপাৰ্বতী আৰু পৰিয়ালৰ আন তিনিজন সদস্যই ততাতৈয়াকৈ বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হয়।
কিন্তু গাড়ীৰ ভিতৰতে আৱদ্ধ হৈ দাউদাউকৈ জ্বলি উঠা জুইত জীৱন্তে অগ্নিদগ্ধ হয় অন্তঃসত্বা মাতৃ ৰীচা আৰু পিতৃ প্ৰজিত।
পিতৃ-মাতৃক জ্বলি থকা দেখিও সেই সময়ত কান্দি থকাৰ বাহিৰে আন একো কৰিবলৈ সক্ষম নহ’ল শ্ৰীপাৰ্বতী বা উপস্থিত আনসকল লোকে।
বৃহস্পতিবাৰে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছিল কেৰালাৰ কন্নুৰত।
এই ঘটনাই এতিয়া শোকস্তব্ধ কৰিছে সকলোকে।