নিউজ ডেস্কঃ বাসগৃহত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত ভগ্নীৰ সন্মুখতে জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটিলে জ্যেষ্ঠ ভগ্নীয়ে।
এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে তেলেংগানাৰ হায়দৰাবাদত।
বৃহস্পতিবাৰে হায়দৰাবাদৰ স্বপ্না লোক কম্প্লেক্সত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত মৃত্যু ঘটা ৪ গৰাকী মহিলাৰ ভিতৰত আছিল খাম্মাম জিলাৰ নেলেকম ডাপল্লী মণ্ডলৰ সুৰদেপল্লী গাঁৱৰ ২২ বছৰীয়া যুৱতী ত্ৰিৱেণীও।
এটা কল চেণ্টাৰত কৰ্মৰত ত্ৰিৱেণীয়ে শুকুৰবাৰে ভগ্নীৰ সন্মুখতে জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটি লয়।
স্বপ্না লোক কম্প্লেক্সৰ এটা কল চেণ্টাৰত কৰ্মৰত আছিল ত্ৰিৱেনী আৰু ভগ্নী মমতা।
বৃহস্পতিবাৰে দুই ভগ্নীয়ে কৰ্মস্থলীত উপস্থিত হোৱাৰ পিছতে সংঘটিত হয় অগ্নিকাণ্ড।
এই অগ্নিকাণ্ডৰ পিছত মমতাই কোনোমতে জীৱন ৰক্ষা কৰি বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হয় যদিও চকুৰ সন্মুখতে মৃত্যুক সাৱটি লয় জ্যেষ্ঠ ভগ্নী ত্ৰিৱেণীয়ে।
ভগ্নী অগ্নিদগ্ধ হোৱা দেখিও একো কৰিব নোৱাৰি অসহায় হৈ পৰা মমতা এতিয়া শোকত ভাগি পৰিছে।
ত্ৰিৱেণীৰ মৃত্যুৰ খবৰ লাভ কৰি শোকস্তব্ধ হৈ পৰিছে তেওঁলোকৰ পিতৃ-মাতৃও।
উল্লেখ্য যে, বৃহস্পতিবাৰে স্বপ্না লোক কম্প্লেক্সত সংঘটিত হৈছিল বিধ্বংসী অগ্নিকাণ্ড।
চৰ্ট চাৰ্কিটৰ ফলত বহুমহলীয়া কম্প্লেক্সৰ পঞ্চম মহলাত সংঘটিত অগ্নিকাণ্ডত ৪ গৰাকী মহিলা আৰু শিশুসহ প্ৰাণ হেৰুৱাইছিল ৬ জনকৈ লোকে।