নিউজ ডেস্কঃ চন ১৯৭৯। অসমৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামৰ সময় আছিল সেয়া।
অগ্নিগৰ্ভা হৈ পৰা তেতিয়াৰ অসমখনত নিদ্ৰা হৰণ হৈছিল বহু মুছলমান পৰিয়ালৰ। জীৱনৰ তাড়নাত বহু মুছলমান পৰিয়ালে আত্মগোপন কৰিবলগীয়া হৈছিল।
সেই সময়তে কামপুৰ মুগাছুঙীয়া গাঁৱৰ যোগেন্দ্ৰনাথ বৰা নামৰ লোকজনৰ ঘৰত আশ্ৰয় বিচাৰি আহিছিল অঞ্চলটোত সেই সময়ত সৰু সৰু বেপাৰ-বাণিজ্য কৰি জীৱন নিৰ্বাহ কৰা কেইবাজনো মুছলমান সম্প্ৰদায়ৰ লোকে।
যোগেন্দ্ৰনাথ বৰাৰ ঘৰত আশ্ৰয় গ্ৰহণ কৰা মুছলমান লোক কেইজনৰ মাজত আছিল মংগল শ্বেখো।

নিশাটো বৰাৰ ঘৰতে বাৰ কৰাৰ পিছত পুৱতি নিশা প্ৰায় ৩ বজাত মুছলমান লোক কেইজনক কেনেবাকৈ কপিলী নৈ পাৰ কৰাই থৈ আহিছিল গৃহস্থ যোগেন্দ্ৰনাথ বৰা।
তেতিয়া ইখন ঠাইৰ পৰা আন এখন ঠাইলৈ যাবৰ বাবে হাতত পইচা নথকা মংগল শ্বেখে বৰাৰ পৰা ধাৰলৈ বিচাৰিছিল ১০ টকা। অৱশ্যে তেতিয়াৰ দিনত সেয়াও বহুত।
টকা ১০টা হাতত গুজি দিছিল যোগেন্দ্ৰনাথ বৰাইও। মানৱদৰদী সেই ব্যক্তিজনৰ বাবেই তেতিয়াৰ অগ্নিগৰ্ভা সময়ত জীৱন ৰক্ষা পৰিছিল মংগল শ্বেখ আৰু অন্য মুছলমান লোক কেইজনৰ।
সেই ঘটনাৰ আজি ৪৪ বছৰ হ’ল। কাহানিবাই মাটিৰ লগত বিলীন হ’ল যোগেন্দ্ৰনাথ বৰাৰো নশ্বৰ দেহ।
এতিয়া মংগল শ্বেখৰ বয়স ৮৫ বছৰ। বৰ্তমান তেওঁ বটদ্ৰৱাৰ স্থায়ী বাসিন্দা।
কিন্তু ১৯৭৯ চনৰ সেই ঘটনা এতিয়াও মনত আছে মংগল শ্বেখৰ। মনত আছে যোগেন্দ্ৰনাথ বৰাই কৰা সেই সহায়ৰ কথাও।

যাৰ বাবে বছৰ বছৰ ধৰি তেওঁ ধাৰলৈ দিয়া ১০ টকাটো ওভতাই দিবলৈ উচপিচাই আছিল মংগল শ্বেখ। কাৰণ- ইছলমানত ধাৰ খোৱাটো পাপ!
সেয়ে সুদীৰ্ঘ ৪৪ বছৰ পিছত হাতত ১০ হাজাৰ টকা লৈ তেওঁৰ একালৰ আশ্ৰয়দাতা যোগেন্দ্ৰনাথক বিচাৰি কামৰুপৰ মুগাছুঙীয়া গাঁৱত উপস্থিত হ’ল মংগল শ্বেখ।
কিন্তু আহি তেওঁ জানিব পাৰিলে যে যোগেন্দ্ৰনাথ বৰা এতিয়া আৰু এই সংসাৰত নাই। এতিয়া সেই ঘৰটোৰ মুৰব্বী বৰাৰ পুত্ৰ নগেন বৰা।
মংগল শ্বেখে নগেন বৰাৰ হাততে ধাৰলৈ লোৱা ১০ টকাৰ সৈতে সুদে-মূলে ১০ হাজাৰ টকা গতাই দিব বিচাৰিলে। তেওঁ ক’লে- তেওঁ যদি এই ধাৰ পৰিশোধ নকৰে, তেন্তে তেওঁৰ মৃত্যুৰ পিছতো কোনেও জানাজাত অংশ নল’ব।

মংগল শ্বেখৰ এনে মানৱীয় চিন্তা আৰু সহজ মনটোলৈ চাই অৱশেষত যোগেন্দ্ৰনাথ বৰাই ধাৰলৈ দিয়া ১০ টকাটোৱেই গ্ৰহণ কৰি বাকী টকাখিনি ঘূৰাই দিলে পুত্ৰ নগেন বৰাই।
নগেন বৰাৰ হাতত ১০ টকাটো তুলি দি বাৰান্দাত বহি একাপ চাহ খাই পুনৰ ঘৰমুৱা হয় মংগল শ্বেখ। যোৱাৰ পৰত তেওঁ ইমান বছৰে বুকুত বান্ধি লৈ ফুৰা ধাৰৰ বোজাটো আজৰাই থৈ যায়।
আধুনিকতাৰ ধামখুমীয়াৰ মাজত হেৰাই যোৱা মানৱতাবোধৰ এই হৃদয়স্পৰ্শী কাহিনীটো সামাজিক মাধ্যমত প্ৰৱেশ কৰিছিল যোগেন্দ্ৰনাথ বৰাৰ নাতিনী অনামিকা বৰাই।
সম্প্ৰীতিৰ এনে অপূৰ্ব সুন্দৰ কাহিনীয়ে এতিয়া স্বাভাৱিকতে মানুহক ভাৱিবলৈ বাধ্য কৰাইছে- আচলতে মানুহ সহায় মানুহৰ বাবে!