হৃদয়স্পৰ্শী বিৰল দৃশ্য! নিৰ্বাচনৰ পূৰ্বে নিৰাপত্তাৰ খাতিৰত উপস্থিত হোৱা BSFৰ জোৱানক পুস্পবৃষ্টিৰে আদৰণি জনালে ৰাইজে, চাওক ভিডিঅ’

নিউজ ডেস্কঃ এই দৃশ্য সঁচাই বৰ বিৰল!

সাধাৰণতে নেতা, চেলিব্ৰেটি বা তেনে কোনো প্ৰখ্যাত ব্যক্তিৰ বাবে সাধাৰণ জনতাই পুষ্পবৃষ্টি কৰা দেখা যায়।

কোনো বিশেষ কৃতিত্ব অৰ্জন কৰি ওভতাৰ সময়তো ফুল চটিয়াই আদৰণি জনায় সাধাৰণ লোকে।

কিন্তু দেশৰ নিৰাপত্তাত অহৰ্নিশে নিয়োজিত হৈ থকা ভাৰতীয় সেনাৰ প্ৰতি তেতিয়াও আকুলতা দেখুৱায় যেতিয়া তেওঁলোকে দেশৰ হকে বীৰগতি প্ৰাপ্ত কৰে।

সেয়ে নিৰ্বাচনী ধামখুমীয়াৰ মাজতে কৰ্ণাটকৰ কোলাৰত প্ৰত্যক্ষ হোৱা এই দৃশ্য বিৰল।

ইতিমধ্যে সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’।

য’ত নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনত উপস্থিত হোৱা বিএছএফৰ জোৱানক পুস্পবৃষ্টিৰে আদৰণি জনাইছে কোলাৰবাসীয়ে।

ভিডিঅ’টোত দেখিবলৈ পোৱা মতে, স্থানীয় লোকে ঘৰৰ ছাদ আৰু বেলকনিত থিয় হৈ ৰাজপথেৰে গৈ থকা বিএছএফৰ জোৱানৰ ওপৰত ফুট চটিয়াই তেওঁলোকক আদৰণি জনাইছে।

এটি কণমানিও নিৰ্ভয়ে কাষ চাপি আহি এগৰাকী বিএছএফৰ জোৱানৰ হাতত গুজি দিছে এপাহ গোলাপ।

দেশৰ বীৰ পুত্ৰক কোলাৰলৈ এনেদৰে ৰাইজে আদৰণি জনোৱাৰ দৃশ্যই ভাবুক কৰি তুলিছে সকলোকে।

উল্লেখ্য যে, অহা ১০ মে’ত এটা পৰ্যায়ত অনুষ্ঠিত হ’ব কৰ্ণাটক বিধানসভা নিৰ্বাচন।