অসম

হৃদয়বিদাৰক! পুখুৰীত পৰি একেটা পৰিয়ালৰে দুই কণমানিৰ সলিল সমাধি…

এক অতি শোকাৱহ ঘটনা।

পুখুৰীত পৰি সলিল সমাধি ঘটিল একেটা পৰিয়ালৰে দুই কণমানিৰ।

বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত আগদীয়া পথাৰত সংঘটিত হৈছে এই হৃদয়বিদাৰক ঘটনা।

মৃত কণমানি দুটা হৈছে, আগদিয়া পথাৰৰ চহিদুল ইছলামৰ ১১ বছৰীয়া পুত্ৰ ফাৰুক আলী আৰু কহিনুৰ বেগমৰ ৭ বছৰীয়া পুত্ৰ ছামিৰ আহমেদ।

দুয়োৱে আন এজন সমনীয়াৰ সৈতে নিজ ঘৰৰ পুখুৰীত থাৰ্মকলৰ ভেলত উঠি খেলি থাকোতে পুখুৰীৰ পানীত পৰি যোৱাৰ ফলতেই এই অঘটন সংঘটিত হয়।

স্থানীয় ৰাইজে শিশু দুটিক উদ্ধাৰ কৰি বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।  

Related Articles

Back to top button