fbpx
অসমঅসমীয়া

হৃদয়বিদাৰক দৃশ্য! ট্ৰাকত খুন্দাত নিহত মাতৃক জগোৱাৰ চেষ্টা পােৱালি সােণালী বান্দৰৰ

নিউজ ডেস্ক। এক হৃদয়বিদাৰক দৃশ্য। ট্ৰাকৰ খুন্দাত নিহত মাতৃ সােণালী বান্দৰৰ মৃতদেহক সাবটি ধৰি জগােৱাৰ চেষ্টা পােৱালি বান্দৰৰ।

বঙাইগাঁও জিলাৰ কাকৈজানাৰ এই কৰুণ দৃশ্যই বহু প্ৰকৃতিপ্ৰেমিৰ চকু সেমেকাই তুলিছে।

উল্লেখ্য যে সােণালী বান্দৰৰ বসতি হিচাপে বিখ্যাত কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ পৰা জনাঞ্চললৈ পোৱালিৰ সৈতে আহোঁতে তীব্ৰবেগী ট্ৰাকৰ খুন্দাত মাতৃ বান্দৰটোৰ মৃত্যু হয়।

G2 2

বন বিভাগে মৃত মাতৃ বান্দৰটো মৰোণোত্তৰ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰে। লগতে পোৱালিটোৰ লালন-পালনৰ বাবে কোকৰাঝাৰৰ চৰাইখোলালৈ পঠিয়াই দিয়ে।

ইফালে দুর্ঘটনাস্থলীত মাতৃৰ নিথৰ দেহটোত হাত বুলাই চিঞৰি থকা পোৱালিটোক দেখি প্ৰত্যক্ষদৰ্শীৰ চকু সেমেকি উঠে। পোৱালিটোৱে হাতেৰে যেন নিষ্প্রাণ মাতৃক জগাবলৈহে প্ৰয়াস কৰা দৃশ্য সামাজিক মাধ্যমতাে ভাইৰেল হৈ পৰিছে।

উল্লেখ্য যে বিলুপ্তপ্রায় সোণালী বান্দৰৰ সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰ প্ৰশাসনে এতিয়ালৈকে কোনো দীৰ্ঘম্যাদী পদক্ষেপ হাতত লােৱা নাই।

স্থানীয় ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ গতি নিয়ন্ত্ৰণৰ বাবে ব্যৱস্থা কৰিবলৈ দাবী জনাই অহাৰ পিছতোে এই পৰ্যন্ত সংশ্লিষ্ট কৰ্তৃপক্ষৰ গা লৰা নাই।

Related Articles

Back to top button