হৃদত নৌকা বিহাৰৰ মাজতে হঠাৎ খহি পৰিল প্ৰকাণ্ড শিলাখণ্ড ! ৯ জন পৰ্যটকৰ মৃত্যু

নৌকা বিহাৰৰ মাজতে হঠাৎ শিলৰ এটা প্ৰকাণ্ড টুকুৰা খহি তিনিখনকৈ নাওৰ ওপৰত বাগৰি পৰাত ব্ৰাজিলৰ মিনাছ গেৰাইছ ৰাজ্যৰ ফাৰ্নেছ হ্ৰদত কমেও ৯ জন নিহত হয়।

এই ভয়ংকৰ দুৰ্ঘটনাত ৭ জন লোক গুৰুতৰভাৱে আহত হোৱাৰ বিপৰীতে ২০ জন লোক বৰ্তমানো সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে।

vlcsnap-2022-01-09-19h41m16s988

স্থানীয় সময় অনুসৰি, শনিবাৰে পুৱা প্ৰায় ১১ বজাত সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনাৰ এটা ভিডিঅ’ও পোহৰলৈ আহিছে। ভিডিঅ’টোত দেখিবলৈ পোৱা মতে, পাহাৰৰ এটা শিলৰ কিছু অংশ খহি তিনিখন নাওৰ ওপৰত বাগৰি পৰে।

vlcsnap-2022-01-09-19h41m02s353

জানিব পৰা মতে, সেই সময়ত ফাৰ্নেছ হ্ৰদত অগণন লোকে নৌকা বিহাৰ কৰি চুটি উদযাপন কৰি আছিল। সেই সময়তে সংঘটিত হয় দুৰ্ঘটনা।

স্থানীয় প্ৰশাসনে সদৰী কৰা মতে, যোৱা ২৪ ঘণ্টা ধৰি মিনাছ গিৰাইছ ৰাজ্যত দি থকা ধাৰাসাৰ বৰষুণৰ বাবেই শিলৰ টুকুৰাটো খহি পৰাৰ সন্দেহ কৰা হৈছে।

ইফালে, মিনাছ গেৰাইছ অগ্নি নিৰ্বাপক বিভাগৰ কমাণ্ডাৰ কৰ্ণেল এডগাৰ্ড এষ্টেভোৱে এখন সংবাদমেলত কয় যে দুৰ্ঘটনাটো চাও জোছ ডা বাৰা আৰু কেপিটেলিঅ’ চহৰৰ মাজত সংঘটিত হয়।

তেওঁ কয় যে সন্ধানহীন লোকসকলৰ সন্ধান অভিযান অব্যাহত থাকিব। কিন্তু ডুবাৰুসকলে তেওঁলোকৰ সুৰক্ষাৰ বাবে নিশা তেওঁলোকৰ অভিযান চলাব নোৱাৰে।

ব্ৰাজিলৰ ৰাষ্ট্ৰপতি বোলচোনাৰোৱেও ইয়াৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰে। তেওঁ কয় যে নৌসেনাৰ অনুসন্ধান আৰু উদ্ধাৰ প্ৰচেষ্টাত যোগদান কৰিবলৈ এটা সাহায্য দল মোতায়েন কৰা হৈছে।

তদুপৰি, দক্ষিণ-পূব ব্ৰাজিলৰ লেণ্ডলক ৰাজ্য মিনাছ গেৰাইছৰ গভৰ্ণৰ ৰোমু জেমাইও এই সন্দৰ্ভত টুইট কৰে। তেওঁ কয় যে কেপিটলিঅ’ৰ ফাৰ্নেছ হ্ৰদৰ শিলৰ অংশটো ধাৰাসাৰ বৰষুণৰ বাবে খহি পৰিছিল।

তেওঁ এই কঠিন সময়ত ভুক্তভোগী সকলৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰে আৰু আহত সকলক প্ৰয়োজনীয় সুৰক্ষা আৰু সহায় প্ৰদান কৰাৰ আশ্বাস দিয়ে।

লগতে চাওকঃ

মানুহৰ সহানুভূতি অৰ্জনৰ বাবে এইটাে কাম কৰিলে এজন মগনীয়াই, কিন্তু পৰিল ধৰা…

শােকাৱহ! প্ৰবল তুষাৰপাতৰ মাজতে গাড়ী ভিতৰত আবদ্ধ হৈ ১੦ শিশুসহ ২২ পৰ্যটকৰ মৃত্যু

G1

Leave a Comment