fbpx
অসম

হিমা দাস আৰু অম্লান বৰগোহাঁইলৈ অসম এথলেটিকছ সন্থাৰ আৰ্থিক সাহায্য

হিমা দাস আৰু অম্লান বৰগোহাঁইলৈ আৰ্থিক সাহায্য।

অসম এথলেটিক সন্থাৰ ফালৰ পৰা হিমা আৰু অম্লানলৈ আগবঢ়োৱা হৈছে আৰ্থিক সাহাৰ্য্য।

হিমালৈ আগবঢ়োৱা হৈছে ১ লাখ টকাৰ সাহায্য।

আনহাতে অম্লান বৰগোঁহাইলৈ ৫০হাজাৰ টকাৰ আৰ্থিক সাহায্য।

সংবাদ মাধ্যমৰ আগত অসম এথলেটিকছ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰে সদৰি কৰিছে এই কথা।

উল্লেখ্য যে, ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক চিনিয়ৰ এথলেটিকছ প্ৰতিযোগিতাত দুয়ো গৰাকী এথলিটে সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল।

২০০ মিটাৰত হিমাই লাভ কৰিছিল ৰূপৰ পদক।

আনহাতে অম্লান বৰগোহাঁইয়ে লাভ কৰে স্বৰ্ণ পদক।

ইপিনে অসম অলিম্পিক সন্থা আৰু গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ‍্যোগত মাৰথান দৌৰ প্রতিযোগিতা অনুষ্ঠিত হ’ব বুলি সংবাদমেলত সদৰি কৰে।

২৩ জুনত অনুষ্ঠিত হ’ব এই প্রতিযোগিতা।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!