নিউজ ডেস্ক। হিমালয় পৰ্বত সন্মুখত থিয় দিলেও অসমত ১ লাখ চৰকাৰী নিযুক্তি দিম!
এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।
শুকুৰবাৰে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত অসম চৰকাৰৰ ২৪ টা বিভাগৰ ১১,২৩৬ গৰাকী সফল প্ৰাৰ্থীলৈ নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত এই মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
উল্লেখ্য যে শুকুৰবাৰে খানাপাৰা স্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত অসম চৰকাৰৰ বৃহৎ নিযুক্তি সমাৰোহত ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে ১ লাখ নিযুক্তিৰ বাবে প্ৰতিশ্ৰুবদ্ধ বুলি পুনৰ দােহাৰে।

তেওঁ নিযুক্তি পৰীক্ষাক লৈ বিভিন্ন পক্ষই ষড়যন্ত্ৰ ৰচনা কৰি বিভিন্ন উৰা বাতৰি বিয়পােৱা বুলি কয়।
তেওঁ কয় যে এনে ষড়যন্ত্ৰ ব্যৰ্থ কৰি সন্মুখত হিমালয় পৰ্বত থিয় দিলেও চৰকাৰে ১ লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবই।
মুখ্যমন্ত্ৰীয়ে ইন্টাৰনেট কৰ্তন, পৰীক্ষাৰ্থীৰ সংখ্যাক কেন্দ্ৰক কৰি বিৰােধী পক্ষই বিভ্ৰান্তিৰ সৃষ্টি কৰিব বিচাৰিও ব্যৰ্থ হােৱা বুলি মন্তব্য কৰে।
Live: Ceremonial Distribution of Appointment Letters in 21 Dept at Veterinary Playground, Khanapara
— Himanta Biswa Sarma (@himantabiswa) September 23, 2022
https://t.co/rOQzvjlJHb
উল্লেখ্য যে এই নিযুক্তি সমাৰােহত মুখ্যমন্ত্ৰীৰ উপৰি অসম চৰকাৰৰ মুখ্য সচিব পবন বৰঠাকুৰ, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাৰস্কৰজ্যােতি মহন্তকে ধৰি মন্ত্ৰীসভাৰ সদস্যসকল উপস্থিত থাকে।