হিমাচলত মুখথেকেছা বিজেপিৰ! কংগ্ৰেছে উৰুৱালে জয়ৰ নিচান…

নিউজ ডেস্কঃ আজি ঘোষণা হোৱা দুখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনে দিনটো দৃষ্টি আকৰ্ষণ কৰি ৰাখিছে দেশবাসীক।

গুজৰাটত ২৭ বছৰৰ শাসনৰ পিছত পুনৰ এবাৰ অভিলেখ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন প্ৰায় নিশ্চিত হৈ পৰিছে বিজেপিৰ বাবে।

দেশৰ দুই মুখ্য নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ গৃহৰাজ্য গুজৰাটত বিজেপিৰ এই অভিলেখ জয়ে বিজেপিৰ নেতা-কৰ্মী সকলোকে উল্লাসিত কৰিছে।

কিন্তু গুজৰাট নিৰ্বাচনৰ ঠিক এখন ওলোটা ছবি দেখা পোৱা গ’ল হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনত।

বৃহস্পতিবাৰে ঘোষণা হোৱা হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনত শাসকীয় বিজেপিক পৰাস্ত কৰি এইবাৰ জয়ৰ ধ্বজা উৰুৱাবলৈ সক্ষম হৈছে কংগ্ৰেছে।

অৱশ্যে নিৰ্বাচনৰ আনুষ্ঠানিক ফলাফল ঘোষণা কৰিবলৈ এতিয়াও বাকী আছে।

শেহতীয়া তথ্য অনুসৰি, হিমাচলত কংগ্ৰেছে ৩৯ খন আসনত জয়লাভ কৰাৰ বিপৰীতে অগ্ৰগতি লাভ কৰি আছে ১খন আসনত।

তাৰ বিপৰীতে শাসকীয় বিজেপিয়ে ১৮ খন আসনত জয়লাভ আৰু ৭ খন আসনত অগ্ৰগতি লাভ কৰি আছে।

অৰ্থাৎ এইবাৰ হিমাচলত মাত্ৰ ২৫ খন আসনতে সীমাবদ্ধ হৈ পৰিছে বিজেপি।

কংগ্ৰেছৰ বিজয় নিশ্চিত হোৱাৰ পিছতে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ পত্ৰ দাখিল কৰিছে জয়ৰাম ঠাকুৰে।

ইফালে কংগ্ৰেছৰ এই জয়ে স্বাভাৱিকতে দলটোৰ নেতা-কৰ্মীৰ মাজত আশাৰ সঞ্চাৰ কৰিছে।

হিমাচল কংগ্ৰেছৰ নেতা-কৰ্মীয়ে এই বৃহৎ জয়ৰ বাবে ধন্যবাদ জনায় কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক।

আনহাতে ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাইও হিমাচলত কংগ্ৰেছৰ জয়ত বৃহৎ ভূমিকা পালন কৰা বুলি মন্তব্য কৰে ৰাষ্ট্ৰীয় কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেয়ে।

উল্লেখ্য যে, হিমাচল প্ৰদেশ নিৰ্বাচনত শাসকীয় বিজেপিয়ে, ধাৰা ৩৭০, বালাকোট এয়াৰ ষ্ট্ৰাইক আদি ৰাষ্ট্ৰীয় বিষয় লৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল।

তাৰ বিপৰীতে কংগ্ৰেছে ৰাজ্যখনৰ নিবনুৱা সমস্যা, মূল্যবৃদ্ধি আৰু পুৰণি পেঞ্চন নীতি কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতিৰে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল।