হিমস্খলনত বৰফৰ মাজত আবদ্ধ হৈ পৰা ট্ৰাক চালকৰ প্ৰাণৰক্ষা সীমান্ত পথ সংস্থাৰ কৰ্মীৰ… চাওক ভিডিঅ’

March 22, 2021 0 By NEWS DESK

নিউজ ডেস্ক। জম্মু-কাশ্মীৰত এইবেলি পূৰ্বৰ ৰেক’ৰ্ড ভংগ কৰিলে হিমপাতে। প্ৰচণ্ড হিমপাতৰ বাবে ৰাজ্যখনৰ বিভিন্ন অঞ্চলত বেয়াকৈ ব্যাহত হৈ পৰিছে জনজীৱন।

ইয়াৰ মাজতে নিজৰ জীৱনৰ কথা চিন্তা নকৰি জনসাধাৰণৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰী যােগানত নিয়ােজিত হৈ আছে ট্ৰাকচালকসকল। অৱশ্যে ইয়াৰ মাজতে বিপদত পৰিছে বহু ট্ৰাক চালক-কৰ্মচাৰী।

তেনে এক ট্ৰাকচালকক হিমস্খলনৰ বাবে বৰফৰ দ’ গাতত সোমাই আবদ্ধ হৈ পৰাত উদ্ধাৰ কৰে সীমান্ত পথ সংস্থাৰ কৰ্মীয়ে। এই ঘটনা সংঘটিত হয় দেওবাৰৰ দুপৰীয়া কুপৱাৰা-কেৰান পথত।

ঘটনা অনুসৰি, দেওবাৰে সীমান্ত পথ নিৰ্মাণ সংস্থাৰ কৰ্মীসকলে পথৰ বৰফ আঁতৰাই মুকলি কৰি আছিল পথ। তেনেতে এক ট্ৰাক চালক সোমাই পৰে বৰফৰ দ’ গাঁতত।

চালকজন এনেদৰে সোমাই পৰিল যে তেওঁক সহজে উদ্ধাৰ কৰিব নোৱাৰি। অৱশেষত কৰ্তৃপক্ষই তেওঁক উদ্ধাৰৰ বাবে কাষতে জ্বলাই ললে একুৰা জুই। আৰু বৰফ ভাঙি ভাঙি আধা ঘণ্টা মানৰ প্ৰচেষ্টাৰ অন্তত সুকলমে উলিয়াই আনে চালক জনক।

অৱশ্যে চালকজনৰ দেহত কোনো আঘাতৰ চিন দেখা পোৱা নাই আৰু কোনো আঘাত পোৱা নাই বুলিও তেওঁ জানিবলৈ দিয়ে।

সীমান্ত পথ সুৰক্ষা সংন্থাৰ কৰ্মীসকলৰ এনে মহৎ কাৰ্যক সকলােৱে একমুখে প্ৰশংসা কৰিছে।