হিমন্ত বিশ্ব শৰ্মা যদিও অসমৰ মুখ্যমন্ত্ৰী, কিন্তু তেও সদায় সাত ভনীৰ কথাই চিন্তা কৰেঃ আধ্যাত্মিক গুৰু ৰবি শংকৰ

নিউজ ডেস্কঃ উগ্ৰপন্থী সমস্যা সমাধানৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। -মুখ্যমন্ত্ৰীৰ প্ৰশংসা কৰি এই মন্তব্য আধ্যাত্মিক গুৰু শ্ৰী ৰবি শংকৰৰ।

photo1664101108
হিমন্ত বিশ্ব শৰ্মা যদিও অসমৰ মুখ্যমন্ত্ৰী, কিন্তু তেও সদায় সাত ভনীৰ কথাই চিন্তা কৰেঃ আধ্যাত্মিক গুৰু ৰবি শংকৰ 3

অসমত উপস্থিত হোৱা আধ্যাত্মিক গুৰুগৰাকীয়ে মুখ্যমন্ত্ৰীৰ সৈতে এক অনুষ্ঠানত অংশ লৈ অসমৰ আলফা সমস্যা সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ তৎপৰাত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উগ্ৰপন্থী সমস্যা বহু হ্ৰাস পাইছে বুলিও মন্তব্য কৰে শ্ৰী ৰবি শংকৰে।

photo1664101101
হিমন্ত বিশ্ব শৰ্মা যদিও অসমৰ মুখ্যমন্ত্ৰী, কিন্তু তেও সদায় সাত ভনীৰ কথাই চিন্তা কৰেঃ আধ্যাত্মিক গুৰু ৰবি শংকৰ 4

আনহাতে আজিৰ পৰা ১৫-২০ বছৰ পূৰ্বে আলফাৰ নেতাৰ সৈতে কথা পাতিলেও মূল সুঁতিলৈ উভতি আহিবলৈ সন্মত হৈছিল বুলি মন্তব্য কৰি শ্ৰী ৰবি শংকৰে কয় যে আলফাৰ কেডাৰক মূল সুঁতিলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰি আহিছে মুখ্যমন্ত্ৰী শৰ্মাই।

হিমন্ত বিশ্ব শৰ্মা যদিও অসমৰ মুখ্যমন্ত্ৰী, তথাপিও তেওঁ গোটেই সাত ভনী অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ কথা চিন্তা কৰে বুলি মন্তব্য কৰি আধ্যাত্মিক গুৰু শ্ৰী ৰবি শংকৰে কয় যে নিজৰ মাজতে কৰা যুদ্ধ সময় নষ্ট কৰাৰ লগতে শক্তি, সম্পদ আৰু প্ৰাণ হেৰুওৱাৰ বাহিৰে আন একো নহয়।