হিমন্ত বিশ্ব শৰ্মাৰ মানহানি গোচৰত দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’ডিয়ালৈ চমন জাৰি, ২৯ ছেপ্টেম্বৰত হাজিৰ হোৱাৰ নিৰ্দেশ

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’ডিয়ালৈ গুৱাহাটী চি জে এম আদালতৰ চমন জাৰি।

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী চিছোদিয়াক ২৯ ছেপ্টেম্বৰত হাজিৰ হবলৈ কয় আদালতে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফৌজদাৰী মানহানি গোচৰত চমন ছিছ’ডিয়ালৈ।

পিপিই কিট ক্ৰয়ত কেলংকাৰী হোৱাৰ অভিযোগ তুলিছিল ছিছ’ডিয়াই।

৫ আগষ্টত মনীষ ছিছ’ডিয়াৰ বিৰুদ্ধে গোচৰত জবানবন্দী দিছিল হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে, ক’ভিডৰ সময়ত মুখ্যমন্ত্ৰী হিমন্তই তেওঁৰ পৰিয়ালৰ কোম্পানীক পিপিই কীটৰ ঠিকা দিয়া বুলি অভিযোগ তোলাৰ পিছতেই মুখ্যমন্ত্ৰী শৰ্মাই চিছোদিয়াৰ বিৰুদ্ধে ফৌজদাৰী মানহানি গোচৰ ৰুজু কৰিছিল।

উল্লেখ্য যে দিল্লীত সংবাদ মেলৰ জৰিয়তে আপ নেতাগৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নীয়ে পিপই কীট কেংলেকাৰি সংঘটিত কৰাৰ অভিযোগ তুলি ইয়াৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছিল।