হিমন্ত বিশ্ব শৰ্মাৰ অসমীয়া ভাষাৰ ওপৰত কথা কোৱাৰ কোনো অধিকাৰ নাইঃ অখিল গগৈ…

‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নিলাজ!’

‘হিমন্ত বিশ্ব শৰ্মাতকৈ বদমাছ মুখ্যমন্ত্ৰী বিশ্বতেই নাই!’

শনিবাৰে এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে।

সংবাদমেলত মাধ্যম বিতৰ্ক সন্দৰ্ভত কেইবাটাও বিস্ফোৰক মন্তব্য কৰি বিধায়ক গগৈয়ে।

তেওঁ কয়- বিজেপি চৰকাৰে মাধ্যম সলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰি অদ্ভুত পাগলামী কৰিছে। মই মোৰ ল’ৰাক দশম শ্ৰেণীলৈ অসমীয়া মাধ্যমত পঢ়াইছো। গতিকে মোৰ সংবাদমেল দিয়াৰ অধিকাৰ আছে। হিমন্ত বিশ্ব শৰ্মাৰ অসমীয়া ভাষাৰ ওপৰত কথা কোৱাৰ কোনো নৈতিক কিম্বা ৰাজনৈতিক অধিকাৰ নাই।

সন্তানক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়োৱাৰ বাবেই যদি অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াৰ অসমীয়া ভাষাৰ ওপৰত কথা কোৱাৰ অধিকাৰ নাই, তেন্তে হিমন্ত বিশ্ব শৰ্মাৰো অসমীয়া ভাষাৰ ওপৰত কথা কোৱাৰ কোনো নৈতিক, ৰাজনৈতিক অধিকাৰ নাই।- অখিল গগৈ।

আনহাতে এজন শিক্ষামন্ত্ৰী বা এজন মুখ্যমন্ত্ৰীয়ে কেনেকৈ এখন প্ৰাইভেট স্কুলৰ ফাউণ্ডাৰ হ’ব পাৰে বুলিও প্ৰশ্ন কৰে অখিল গগৈয়ে। লগতে হিমন্ত বিশ্ব শৰ্মাই লুণ্ঠনৰ টকাৰে স্কুল বনোৱাৰ অভিযোগ উত্থাপন কৰে অখিল গগৈয়ে।

ঠেলাৱালা, ৰিক্সাৱালাক সন্মান দিব লাগে বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হিমন্ত বিশ্ব শৰ্মাৰ স্কুলত ঠেলাৱালা, ৰিক্সাৱালাৰ সন্তানক বিনামূলীয়া শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাই অখিল গগৈয়ে।