fbpx
অসম

হিমন্ত বিশ্বৰ সন্ধান লাগে, গুৱাহাটীৰ বান সমস্যাৰ মূল জগৰীয়া হিমন্ত বিশ্ব শৰ্মাঃ অখিল গগৈ…

হিমন্ত বিশ্ব শৰ্মাৰ সন্ধান লাগে!

বানপানীৰ সময়ত হিমন্ত বিশ্ব শৰ্মা ক’ত পলালে?

গুৱাহাটীৰ আজিৰ বাবে সমস্যাৰ বাবে মূল জগৰীয়া হিমন্ত বিশ্ব শৰ্মা।

এই মন্তব্য শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ।

শনিবাৰে মহানগৰীৰ হাতীগাঁও সিজুবাৰীৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰে অখিল গগৈসহ ৰাইজৰ দলৰ প্ৰতিনিধিয়ে।

পৰিদৰ্শন কৰি সাংবাদিকৰ আগত অখিলে কয়- গুৱাহাটী উন্নয়নৰ দায়িত্বত থাকি গুৱাহাটী বৰবাদ কৰিলে হিমন্ত বিশ্ব শৰ্মাই। শিক্ষা মন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী হিচাপেও ব্যৰ্থ হিমন্ত বিশ্ব শৰ্মা। গুৱাহাটীৰ বান সমস্যাৰ বাবে মূল জগৰীয়া হিমন্ত বিশ্ব শৰ্মা।

লগতে কয়- বানপানীৰ সময়ত হিমন্ত বিশ্ব শৰ্মা ক’ত পলাল? এৰ’প্লেনৰ লগত চেল্ফি উঠা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাহিৰে পৃথিৱীত আন কোনো নাই। আজিৰ মুখ্যমন্ত্ৰী এসময়ত হেনো ছুপাৰ মন্ত্ৰী আছিল। অথচ গুৱাহাটী বচাব নোৱাৰিলে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!