fbpx
অসম

হিন্দুৰ ঘাঁত নিমখ ঘঁহিব নালাগেঃ দিল্লীৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এইবাৰ সৰৱ অসমৰ মুখ্যমন্ত্ৰী…

বক্স অফিছত ২০০ কোটি উপাৰ্জন কৰি অভিলেখ গঢ়া দ্য কাশ্মীৰ ফাইলছক লৈ অব্যাহত আছে ৰাজনীতি। বিশেষকৈ বিজেপিয়ে ইছ্যু হিচাপে ব্যৱহাৰ কৰা দ্য কাশ্মীৰ ফাইলছৰ এনে ৰাজনীতিকৰণৰ বিৰোধিতা কৰিছে আন আন দলসমূহে।

শেহতীয়াকৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সদনত ছবিখন টেক্স ফ্ৰী ঘোষণা কৰাৰ বিৰোধিতা কৰিছিল। কাশ্মিৰী পণ্ডিতৰ নামত ছবি নিৰ্মাণ কৰি কোটি কোটি টকা উপাৰ্জন কৰা প্ৰসংগটো উত্থাপন কৰিছিল মুখ্যমন্ত্ৰী কেজৰিৱালে। দিল্লীত বিবেক অগ্নিহোত্ৰীৰ দ্বাৰা পৰিচালিত এই ছবিখন টেক্স ফ্ৰী কৰাৰ বিৰোধিতা কৰে অৰবিন্দ কেজৰিৱালে।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দ্য কাশ্মীৰ ফাইলছ আৰু বিজেপিৰ ৰাজনীতিক লৈ কৰা মন্তব্যৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰে সামাজিক মাধ্যমত। তাৰ পিছতে শুকুৰবাৰে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

সামাজিক মাধ্যমত অৰবিন্দ কেজৰিৱালৰ ভিডিঅ’টোৰ কিয়দাংশ শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখিছে- ‘যদি আপুনি দ্য কাশ্মীৰ ফাইলছ কৰ-মুক্ত কৰিব নিবিচাৰে, নকৰিব। কিন্তু কাশ্মিৰী পণ্ডিতসকলৰ এই নিৰন্তৰ উপহাস বন্ধ কৰক। তেওঁলোকৰ দুখ-কষ্ট ধৰ্মনিৰপেক্ষতা বাদীসকলৰ এনে নিঃকিন মনোভাৱ আৰু তোষণৰ ৰাজনীতিৰ ফল।’

অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে এয়াও লিখে যে হিন্দুসকলৰ ঘাঁত নিমখ ঘঁহিবলৈ বিধানসভা ব্যৱহাৰ কৰাটো এজন মুখ্যমন্ত্ৰীৰ বাবে উচিত নহয়।

উল্লেখ্য যে, দেশৰ আন আন বিজেপি শাসিত ৰাজ্যৰ দৰে অসমৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰেও থিয় দিছে দ্য কাশ্মীৰ ফাইলছৰ সপক্ষত। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে আন আন শাসকীয় নেতা-মন্ত্ৰী-বিধায়কৰ সৈতে চিনেমাখন উপভোগ কৰাৰ পিছত চৰকাৰী বিষয়া-কৰ্মচাৰীকো ছবিখন চাবলৈ আধা দিনৰ ছুটি প্ৰদান কৰিছে।

আনহাতে অসম চলচ্ছিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ উদ্যোগত নলবাৰীত ছবিখনৰ বিশেষ প্ৰদৰ্শনীৰো ব্যৱস্থা কৰা হৈছে।

অৱশ্যে সদনৰ ভিতৰে-বাহিৰে ছবিখনৰ প্ৰচাৰ-প্ৰসাৰত আগভাগ লোৱা বিজেপিয়ে কাশ্মিৰী পণ্ডিত সকলৰ দুখ-কষ্ট নিৰাময়ৰ বাবে কি এনে পদক্ষেপ হাতত লৈছে সেয়া এতিয়াও স্পষ্ট নহয়। আনহাতে দ্য কাশ্মীৰ ফাইলছৰ জৰিয়তে কোটি কোটি টকা উপাৰ্জন কৰা পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে ছবিখনৰ পৰা উপাৰ্জন কৰা ধনৰ কিমান খিনি কাশ্মিৰী পণ্ডিতৰ বাবে ব্যৱহাৰ কৰিব, সেয়াও অৱশ্যে অস্পষ্ট।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!