হিজাব বিতৰ্কক লৈ কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান…

দেশজুৰি অব্যাহত থকা হিজাব বিতৰ্কৰ মাজতে ৰায়দান কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ। হিজাব ইছলামৰ অপৰিহাৰ্য অংশ নহয় বুলি মন্তব্য উচ্চ ন্যায়ালয়ৰ। হিজাব নিষিদ্ধ কৰাৰ বিৰুদ্ধে দাখিল কৰা আবেদন খাৰিজ কৰি এই ৰায় প্ৰদান কৰে কৰ্ণাটক উচ্চ ন্যায়ালয়ে।
মুখ্য ন্যায়াধীশ ৰিতু ৰাজ অৱস্থি, ন্যায়াধীশ কৃষ্ণ এছ দীক্ষিত আৰু ন্যায়াধীশ জে এম খাজীৰ তিনিজনীয়া বিচাৰপীঠে কয় যে সমগ্ৰ বিষয়টোৰ সামগ্ৰিক দৃষ্টিভংগী লৈ বিচাৰপীঠে কেইটামান প্ৰশ্ন প্ৰস্তুত কৰিছে আৰু সেই অনুসৰি উত্তৰ দিছে।
ৰায় প্ৰদান কৰি মুখ্য ন্যায়াধীশ অৱস্থীয়ে কয় যে মুছলমান মহিলাসকলে হিজাব পিন্ধাটো ইছলাম ধৰ্মৰ অপৰিহাৰ্য ধৰ্মীয় প্ৰথাৰ অংশ নহয়। ন্যায়াধীশগৰাকীয়ে লগতে কয় যে বিদ্যালয়ৰ ইউনিফৰ্ম নিৰ্ধাৰণ কেৱল এক যুক্তিসঙ্গত সীমাবদ্ধতা, সাংবিধানিকভাৱে অনুমোদিত, যাক শিক্ষাৰ্থীসকলে আপত্তি কৰিব নোৱাৰে।
ইফালে কৰ্ণাটক চৰকাৰে হিজাব নিষিদ্ধ কৰা সন্দৰ্ভত ন্যায়ালয়ে কয় যে চৰকাৰৰ এটা আদেশ জাৰী কৰাৰ ক্ষমতা আছে আৰু ইয়াৰ অবৈধতাৰ বাবে কোনো গোচৰ ৰুজু কৰা হোৱা নাই।
ইফালে উচ্চ ন্যায়ালয়ৰ এই ৰায়দানৰ পিছতে উচ্চতম ন্যায়ালয়ৰ অধিবক্তা আনাছ তানৱীয়ে টুইটযোগেই এই ৰায়ৰ বিৰুদ্ধে উডুপী মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হব বুলি মন্তব্য কৰে।
উল্লেখ্য যে, যোৱা বছৰ ২৮ ডিচেম্বৰত কৰ্ণাটকৰ এখন মহাবিদ্যালয়ৰ পৰা সৃষ্টি হোৱা হিজাব বিতৰ্কৰ পিছত ৰাজ্য চৰকাৰে যোৱা ৫ ফেব্ৰুৱাৰীত বিদ্যালয়, মহাবিদ্যালয়ত মুছলমান ছাত্ৰীয়ে হিজাব পৰিধান কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল। তাৰ পিছতে চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে কৰ্ণাটক উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল উডুপীৰ কেইগৰাকীমান ছাত্ৰীয়ে।
১০ ফেব্ৰুৱাৰীত, উচ্চ ন্যায়ালয়ে এক অন্তৱৰ্তীকালীন নিৰ্দেশ জাৰি কৰি কয় যে শুনানি শেষ নোহোৱালৈকে শিক্ষাৰ্থীসকলে শ্ৰেণীসমূহত কোনো ধৰ্মীয় পোছাক পৰিধান কৰিব নোৱাৰিব। ২৩ ফেব্ৰুৱাৰীত এই নিৰ্দেশ সকলো মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়তো প্ৰযোজ্য কৰা হয়।
মঙলবাৰে গ্ৰহণ কৰা শুনানিত হিজাব মুছলমানৰ বাবে বাধ্যতামূলক নহয় বুলি মন্তব্য কৰে ন্যায়ালয়ে। ন্যায়ালয়ৰ এই ৰায়ৰ পিছতে কৰ্ণাটকৰ শিক্ষা মন্ত্ৰী বি চি নাগেশে প্ৰশংসা কৰি টুইট কৰি লিখে, “বিদ্যালয়/মহাবিদ্যালয়ৰ ইউনিফৰ্ম নিয়মৰ ওপৰত মাননীয় কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ যুগান্তকাৰী ৰায়ক মই স্বাগতম জনাইছো। এই ৰায়ে পুনৰ এবাৰ প্ৰমাণ কৰি দিছে যে দেশৰ আইন সকলোৰে উৰ্ধ্বত।”
আনহাতে, উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰে নিৰাপত্তাৰ বাবে ৰাজ্যৰ কেইবাখনো জিলাত ১৪৪ ধাৰা জাৰি কৰা হৈছে। বেংগালুৰুতো জাৰি কৰা হৈছে ১৪৪ ধাৰা। লগতে কৰ্ণাটক হাইক’ৰ্টৰ মুখ্য ন্যায়াধীশ ঋতুৰাজ অৱস্থীৰ আৱাসৰ বাহিৰতো কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা।