হিংসাৰ পথ এৰি মূলসুঁতিলৈ ঘূৰি আহিল নিষিদ্ধ ঘোষিত NLFT ৰ দুজন কেডাৰ

নিউজ ডেস্ক। নৱবৰ্ষৰ পহিলা দিনটোতে সশস্ত্ৰ সংগ্ৰামৰ বাট এৰি শান্তিৰ পথলৈ ঘূৰি আহিল ত্ৰিপুৰাৰ নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন নেচনেল লিবাৰেচন ফ্ৰণ্ট অৱ ত্ৰিপুৰা (বিশ্ব মোহন)ৰ দুজন কেডাৰ।

শনিবাৰে দুয়োজন কেডাৰে সীমান্ত সুৰক্ষা বাহিনী, ত্ৰিপুৰা ফ্ৰণ্টিয়াৰ আৰু ৰাজ্যখনৰ অন্যান্য নিৰাপত্তা বাহিনীৰ সন্মুখত আত্মসমৰ্পণ কৰে।

মূল সুঁতিলৈ ঘূৰি অহা বিদ্ৰোহী কেডাৰ দুজনৰ পৰিচয় ক্ৰমে খোৱাই জিলাৰ অন্তৰ্গত ইচাচেৰা গাঁৱৰ খিতিশ দেৱবাৰ্মা ওৰফে কোৱাখৱি আৰু গোলাকবৰী গাঁৱৰ স্বপন দেৱবাৰ্মা ওৰফে বাথাৰ বুলি জানিব পৰা গৈছে।

FIAdp-Jv-Vg-AIN-Oc

খবৰ অনুসৰি, খিতিশে ২০১৯ চনত এনএলএফটি (বিএম)ত যোগদান কৰিছিল আৰু অস্ত্ৰ আৰু কৌশলৰ জোৰদাৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। আনহাতে স্বপনে ২০২০ চনত এনএলএফটি (বিএম)ত যোগদান কৰে আৰু সংগঠনটোৰ এজন সক্ৰিয় সদস্য হিচাপে কাম কৰি গৈছিল।

উল্লেখযোগ্য যে, যোৱা এটা বছৰত বৃহৎ সংখ্যক এনএলএফটি (বিএম) কেডাৰে হিংসাৰ পথ ত্যাগ কৰি বিএছএফ আৰু অন্যান্য নিৰাপত্তা বাহিনীৰ সন্মুখত আত্মসমৰ্পণ কৰিছে।

চৰকাৰী তথ্য অনুসৰি, নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠনটোৰ মুঠ ৩১ জন কেডাৰে বৰ্তমানলৈকে অস্ত্ৰ সম্বৰণ কৰি মূলসুঁতিলৈ ঘূৰি আহিছে।

২০১৭ চনৰ পৰা ২০২০ চনৰ ভিতৰত ২৩ জন এনএলএফটি (বিএম) কেডাৰে আত্মসমৰ্পণ কৰে।

আনহাতে ২০২১ চনত মুঠ ৬ জন কেডাৰে আত্মসমৰ্পণ কৰি শান্তিৰ বাটলৈ ঘূৰি আহে। তাৰ পিছতে এইবাৰ ২০২২ৰ প্ৰথমটো দিনতেই আত্মসমৰ্পণ কৰে ২ জন কেডাৰে।

বিএছএফ ত্ৰিপুৰা ফ্ৰণ্টিয়াৰে ৰাজ্যখনৰ যুৱক-যুৱতীসকলক বিদ্ৰোহী গোটসমূহৰ মিছা প্ৰতিশ্ৰুতিৰ দ্বাৰা বিপথে পৰিচালিত নহ’বলৈ আৰু হিংসা আৰু চৰম কষ্টৰ পথ অনুসৰণ নকৰিবলৈ আহ্বান জনাই আহিছে।

লগতে, এনএলএফটিৰ সকলো কেডাৰক হিংসা ত্যাগ কৰিবলৈ আৰু এক সুখী আৰু শান্তিপূৰ্ণ পাৰিবাৰিক জীৱন যাপন কৰাৰ বাবে মূলসুঁতিলৈ উভতি আহিবলৈ আহ্বান জনাই আহিছে বিএছএফ আৰু ত্ৰিপুৰা চৰকাৰে।

Leave a Comment