হায় মানৱতা! থানাৰ সন্মুখতে মোনাত ভৰাই পেলাই থৈ গ’ল এটি নৱজাতক…

পুনৰ এবাৰ যেন ভূ-লুণ্ঠিত হ’ল মানৱতা।

থানাৰ সন্মুখতে মোনাত ভৰাই কোনো নিকৃষ্ট মানসিকতাৰ লোকে পেলাই থৈ গ’ল এটি নৱজাতক।

নলবাৰীৰ ঘগ্রাপাৰত ৰাষ্ট্রীয় ঘাইপথত উদ্ধাৰ কৰা হৈছে এই নৱজাতকটিক।

ঘগ্ৰাপাৰা থানাৰ সন্মুখত কোনো দুৰ্বৃত্তই মোনাত ভৰাই পেলাই থৈ যায় এটি নৱজাতকটিক।

পিছত আৰক্ষীৰ লোকে নৱজাতটিক উদ্ধাৰ কৰি নলবাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱাই।

নৱজাতকটিক কোনে, কি কাৰণত পেলাই থৈ গ’ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

আৰক্ষীয়ে শিশুটোৰ সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।