হায়াৰ চেকণ্ডাৰীৰ পৰীক্ষা দিবলৈ গৈ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ছাত্ৰৰ

নিউজ ডেস্কঃ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাৰ বাবে ঘৰৰ পৰা বিদ্যালয়লৈ ওলাই অহাৰ পথতে এক শোকাবহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এজন ছাত্ৰই।

এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে শিলচৰৰ শ্ৰীকোণাত। জানিব পৰা মতে, মঙলবাৰে পুৱা উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ ঘৰৰ পৰা শিলচৰলৈ আহি আছিল এজন ছাত্ৰ।

স্কুটীৰে আহি থকা ছাত্ৰজনে এখন আৰ্মীৰ বাহন অভাৰটেক কৰিবলৈ লওতেই বিপৰীত দিশৰ পৰা আহি থকা এখন অট’ ৰিক্সাই আকস্মিকভাৱে ব্ৰেক মাৰে।

যাৰ ফলত বৰষুণৰ বাবে পিচল হৈ থকা পথটোত স্কুটীসহ বাগৰি পৰে ছাত্ৰজন।

photo1653970390
হায়াৰ চেকণ্ডাৰীৰ পৰীক্ষা দিবলৈ গৈ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ছাত্ৰৰ 2

ইফালে দুৰ্ঘটনাৰ শব্দ শুনিব পাৰি গাড়ী ৰখাই নিৰাপত্তাৰক্ষী সকলে ছাত্ৰজনক সংকটজনক শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে যদিও ছাত্ৰজনক মৃত ঘোষণা কৰে চিকিৎসকে।

মৃত ছাত্ৰজনক শ্ৰীকোণাৰ ৰত্নদ্বীপ শৰ্মা বুলি চিনাক্ত কৰা হৈছে।

পৰীক্ষা দিবলৈ গৈ ছাত্ৰজনে এনেদৰে কৰুণ মৃত্যুক সাৱটিবলগীয়া হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ সৃষ্টি কৰিছে।

ইফালে ছাত্ৰজনে স্কুটীৰে গৈ থকা সময়ত অসম ৰাইফলছৰ বাহনত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয় বুলিও কোনো কোনোৱে মন্তব্য কৰিছে।

Leave a Comment