হাস্পতালৰ কৰ্তৃপক্ষৰ আজৱ কাণ্ড! জীৱিত কন্যাৰ পৰিৱৰ্তে মাতৃক চমজাই দিয়া হ’ল মৃত পুত্ৰ…

হাইলাকান্দিৰ এছ কে ৰায় অসামৰিক হাস্পতালত আজৱ কাণ্ড।

জীৱিত কন্যাৰ পৰিৱৰ্তে মাতৃক চমজাই দিয়া হ’ল মৃত পুত্ৰ।

জানিব পৰা মতে, স্থানীয় বৰবন্দ গাঁৱৰ ফাতিমা বেগম নামৰ এগৰাকী মহিলাই প্ৰসৱ কৰে এটি কন্যা সন্তান।

ইয়াৰ প্ৰায় ৩০ মিনিট আগতে স্থানীয় পাঁচগ্ৰাম অঞ্চলৰ মূকামটিলা গাঁওৰ জয়নাব বিবি লস্কৰ নামৰ আন এগৰাকী মহিলাই জন্ম দিছিলে এটি পুত্ৰ সন্তান।

দুটি শিশুক একলগে এআইচিউত ৰাখিছিলে কৰ্তব্যৰত চিকিৎসাকৰ্মীসকলে।

কিন্তু সোমবাৰে ৰাতিপুৱা হঠাৎ ফাতিমা বেগমৰ নৱজাতক পুত্ৰৰ মৃত্যু হৈছে বুলি জনায় হাস্পতাল কৰ্তৃপক্ষই আৰু এটি নৱজাতক পুত্ৰ সন্তানৰ মৃতদেহ তেওঁলোকক চমজাই দিয়াৰ চেষ্টা কৰে।

ইয়াতে সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ।

ফাতিমা বেগমৰ পৰিয়ালৰ লোকে হাস্পতাল কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰি মৃত নৱজাতকটো জয়নাব বিবিৰ বুলি দাবী কৰে।

লগতে হাস্পতালৰ কৰ্তব্যৰত চিকিৎসাকৰ্মীসকলোৰ গাফিলতিৰ উচিত তদন্ত দাবী কৰে।