হাস্পতালত জীৱন-মৃত্যুৰ সৈতে যুঁজ দিয়া আনন্দ শর্মাৰ চিকিৎসা আৰু ভৱিষ্যতৰ দায়িত্ব ল’ব ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই…

নিউজ ডেস্কঃ ৰেগিং কাণ্ডৰ বলি হৈ জীৱন-মৃত্যুৰ সৈতে যুঁজি থকা আনন্দ শৰ্মাৰ চিকিৎসা আৰু ভৱিষ্যতৰ দায়িত্ব ল’ব ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।

বুধবাৰে এই কথা ব্যক্ত কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ জিতেন হাজৰিকাই।

বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ সৈতে জড়িত কোনো লোক সাৰি নাযাব বুলিও কঠোৰ সকিয়নী প্ৰদান কৰে উপাচাৰ্যগৰাকীয়ে।

অন্যহাতে ইতিমধ্যে হোষ্টেল ৱাৰ্ডেন দিব্যজ্যোতি দত্ত, পলাশ দত্ত আৰু মুস্তাক হুছেইনক কৰ্মৰ পৰা অব্যাহতি দিয়া হৈছে বুলিও জানিবলৈ দিয়ে ড০ জিতেন হাজৰিকাই।

উপাচাৰ্য জিতেন হাজৰিকাই এই ৰেগিং কাণ্ড দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰি আনন্দ শৰ্মাৰ চিকিৎসা আৰু ভৱিষ্যতৰ সমস্ত দায়িত্ব বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা বহন কৰা হ’ব বুলি মন্তব্য কৰে।

প্ৰয়োজনত আনন্দ শর্মাক চাকৰি প্ৰদান কৰাৰ লগতে তেওঁ ব্যক্তিগতভাৱেও সহায়ৰ হাত আগবঢ়াব বুলি মন্তব্য কৰে জিতেন হাজৰিকাই।

উল্লেখ্য যে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঁঞিবৰুৱা ছাত্ৰ নিৱাসত একাংশ জ্যেষ্ঠ ছাত্ৰৰ ৰেগিংৰ পৰা হাত সাৰিবলৈ নিৱাসৰ দুমহলীয়া অট্টালিকাৰ পৰা জঁপিয়াইছিল আমগুৰিৰ নিৱাসী তথা বিশ্ববিদ্যালয়ৰ বাণিজ্য শাখাৰ ছাত্ৰ আনন্দ শৰ্মাই।

বৰ্তমান ডিব্ৰুগড়ৰ আদিত্য হাস্পতালৰ আইচিইউত জীৱন-মৃত্যুৰ সৈতে যুঁজিছে ছাত্ৰজনে।

ইফালে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ছাত্ৰজনক দিল্লীৰ এইমছলৈ প্ৰেৰণ কৰিব পৰা নাযাব বুলিও ইতিমধ্যে চিকিৎসকে স্পষ্ট কৰি দিছে।

যাৰ বাবে বৃহস্পতিবাৰে ডিব্ৰুগড়তে আনন্দ শৰ্মাৰ অস্ত্ৰোপচাৰ সম্পন্ন হোৱাৰ সম্ভাৱনা আছে।

অন্যহাতে এই ৰেগিং কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত এতিয়ালৈকে ২২ জনক বহিস্কাৰ কৰা হৈছে।