হাল বোৱা খেতি কৰা অভ্যাস মোৰ পুৰণি, কৃষকৰ দুখ মই বুজি পাওঁ- কৃষিমন্ত্ৰী অতুল বৰা…

বৃহস্পতি বাৰে নগাঁও জিলাৰ লাওখোৱা চৰকাৰী বীজপামত জিলা কৃষি বিভাগৰ উদ্যোগত আৰু ব্ৰহ্মপুত্ৰ কৃষক উৎপাদক সংস্থাৰ সহযোগত আয়োজিত সমূহীয়া বীজ সিঁচা পৰ্বত অংশগ্ৰহণ কৰে কৃষিমন্ত্ৰী অতুল বৰাই।
বীজ সিঁচা পৰ্বত অংশ লৈ নিজেই ট্ৰেক্টৰেৰে মাটি চহ কৰি কৃষকসকলক উৎসাহিত কৰে।

কৃষিমন্ত্ৰী বৰাই কয় যে- নগাঁও জিলাত সৃষ্টি হোৱা বানত কৃষক সকলৰ বিস্তৰ ক্ষতি হৈছে ৷ কৃষকৰ বানৰ ফলত হোৱা লোকচানৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হব। ৰাজ্যখনৰ ৩২ খন জিলাৰ ৭,২৬২ খন গাঁৱৰ ৬,৮৩,৭৮৫টা কৃষক পৰিয়াল শেহতীয়া বানত ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ১,৪৩,০০০ হেক্টৰৰো অধিক কৃষিভূমি জলমগ্ন হৈছে।
নগাঁও জিলাখনৰো ৩,৩৩৮ খন গাঁৱৰ ৩৫,০০০ৰো অধিক কৃষক পৰিয়াল ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ১৯,০০০ হেক্টৰৰো অধিক কৃষিভূমি জলমগ্ন হৈছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

৬ হেক্টৰ ভূমিত লাওখোৱাত সিঁচা বাহাদুৰ চাব-১ শীৰ্ষক বানপানী সহনশীল তথা কমসময়ৰ ভিতৰতে উৎপাদনক্ষম জাতৰ ধানৰ এই প্ৰজাতিবিধৰ বীজসমূহে বানত কঠীয়া নষ্ট হোৱা নগাঁৱৰ কৃষকসকললৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিব বুলি মন্ত্ৰীগৰাকীয়ে আশা ব্যক্ত কৰে।
সম্প্ৰতি নগাঁও জিলাৰ বান পৰ্যবেক্ষণ আৰু তদাৰকত ব্যস্ত মন্ত্ৰীগৰাকীয়ে লগতে কয় যে- বানত ক্ষতিগ্ৰস্ত কৃষকসকলক সকাহ দিবৰ বাবে বানৰ কবলত পৰা প্ৰতিখন জিলাত পৰ্যাপ্ত পৰিমাণৰ সমূহীয়া কঠীয়াতলী স্থাপন আৰু উন্নতমানৰ ধানৰ বীজ বিতৰণৰ ব্যৱস্থা কৰা হৈছে।

লগতে ক্ষতিগ্ৰস্ত কৃষকসকলে ক্ষতিপূৰণ নিৰ্ধাৰিত সময়তকৈ আগতেই দিবলৈ সিদ্ধান্ত লোৱাৰ লগতে বিভাগীয় ক্ষতিপূৰণ প্ৰদান প্ৰক্ৰিয়াটো ক্ষিপ্ৰ কৰি তোলাৰ কাৰ্য ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও কয় মন্ত্ৰী অতুল বৰাই।
ইপিনে ট্ৰেক্টৰেৰে মাটি চহ কৰি মন্ত্ৰীগৰাকীয়ে কয়- ‘মই গাঁৱৰ ল’ৰা, গাঁৱতে মোৰ ঘৰ, সৰুতে হাল বাইছিলো, হাল বোৱা খেতি কৰা অভ্যাস মোৰ পূৰণি ৷ কৃষকৰ দুখ মই বুজি পাওঁ।’