
নিউজ ডেস্কঃ আপুনি বাৰু সেই সাধুটো শুনিছেনে- য’ত এজন খৰিকটীয়াই অৰণ্যৰ মাজলৈ খৰি কাটিবলৈ গৈ জল দেৱতাৰ পৰা সোণ, ৰূপ আৰু হীৰাৰ কুঠাৰ উপহাৰ হিচাপে লাভ কৰি ধনী হৈ পৰিছিল। তেনে এক ঘটনাই বাস্তৱত সংঘটিত হ’ল মধ্যপ্ৰদেশৰ এগৰাকী আদিবাসী মহিলাৰ সৈতেও।
মধ্যপ্ৰদেশৰ পান্না জিলাৰ এগৰাকী জনজাতীয় মহিলাই অৰণ্যৰ মাজলৈ খৰি বিচাৰি গৈ হৈ পৰিল লাখপতি। গেন্দা বাই নামৰ মহিলাগৰাকীয়ে হাবিলৈ গৈ থকা সময়তে বাটত লাভ কৰে এটুকুৰা ৪ কেৰেট ৩৯ চেণ্টৰ অমূল্য হীৰা। প্ৰায় ২০ লাখ টকা মূল্যৰ এই হীৰা লাভ কৰি মহিলাগৰাকীয়ে হীৰাৰ কাৰ্যালয়ত জমা কৰে। বৰ্তমান এই হীৰাৰ টুকুৰাটো নিবিদাৰ বাবে ৰখা হৈছে।
দৰাচলতে পান্না নগৰৰ পুৰুষোত্তমপুৰৰ ২৭ নং ৱাৰ্ডৰ বাসিন্দা গেন্দা বাই। বুধবাৰে পুৱা তেওঁ সদায়ৰ দৰে খৰি আনিবলৈ হাবিলৈ যায়। সেই সময়তে তেওঁ বাটত জিলিকি থকা এটা শিল প্ৰত্যক্ষ কৰি সেয়া বুটলি আনি স্বামীক দেখুৱায়।

সেই সময়ত পতি-পত্নী দুয়োজনেই সেই চিকচিকিয়া শিলটো চিনাক্ত কৰিব নোৱাৰি পোনে পোনে হীৰাৰ অফিচলৈ যায়। হীৰাৰ ৰসিক অনুপম সিঙে জিলিকি থকা শিলটো দেখি ক’লে যে এয়া কোনো সৰু শিল নহয়, বৰঞ্চ এক বহুমূলীয়া হীৰাহে। ইয়াৰ ওজন ৪ কেৰেট ৩৯ চেণ্ট। এই হীৰাটো পোৱাৰ পিছত জনজাতীয় পৰিয়ালটো বৰ সুখী হৈ পৰিছে।

গেন্দা বাইয়ে কয় যে ঘৰৰ অৱস্থা অতি দুৰ্বল। খৰি বিক্ৰী কৰি তাৰ পৰা লাভ কৰা ধনেৰে কোনোমতে পৰিয়ালটো পোহপাল গৈ আহিছে। তেওঁলোকৰ পৰিয়ালত আছে চাৰিজন পুত্ৰ আৰু বিবাহ উপযুক্ত দুগৰাকী কন্যা সন্তান।
এতিয়া হীৰাৰ পৰা পোৱা ধনেৰে ছোৱালী দুজনীক বিয়া দিয়াৰ লগতে ভগা ছিগা ঘৰটো ভালকৈ সজাৰ পৰিকল্পনা কৰিছে গেন্দা বাই আৰু তেওঁৰ স্বামীয়ে। গেন্দা বাইৰ স্বামীয়ে কয় যে পত্নীয়ে হীৰাটো পোৱাত তেওঁ অতি সুখী।