fbpx
অসমীয়াৰাষ্ট্ৰীয়

‘হাত থকা’ সকলেও কৰিব নোৱাৰা অসম্ভৱকো সম্ভৱ কৰি তুলিছে ‘হাতবিহীন’ কাকাই! ভিডিঅ’ দেখি অনুপ্ৰাণিত হ’ব আপুনিও…

নিউজ ডেস্কঃ এবাৰ এজন যুৱকে এযোৰ জোতা কিনিব নোৱাৰাৰ দুখত পথৰ দাঁতিত বিষন্ন মনে বহি আছিল।

যুৱকজনৰ লগৰ সকলোৰে ওচৰত দামী আৰু ধুনীয়া জোতা আছিল। যাৰ বাবে নিজৰ এযোৰ জোতা নথকাৰ বেজাৰটোৱে ভিতৰি ভিতৰি দহি নিছিল যুৱকজনক।

তেনেতে এখন চকা লগোৱা পীৰাত চুচৰি চুচৰি অহা এজন বিকলাংগ ব্যক্তিয়ে যুৱকজনক বেজাৰ মনেৰে বহি থকা দেখি কাষ চাপি আহি মন বেয়া কৰি থকাৰ কাৰন সোধে।

যেতিয়া যুৱকজনে তেওঁৰ দুখৰ কথা বিৱৰি ক’লে, তেতিয়া মিচিকিয়া হাঁহি এটা মাৰি সেই বিকলাংগ ব্যক্তিজনে ক’লে-

”তোমাৰ এযোৰ জোতা নাই বাবেই তুমি ইমান দুখী হৈ বহি আছা। কিন্তু চোৱা, মোৰ জোতা পিন্ধিবলৈ ভৰি দুখনেই নাই। তেন্তে ভাৱা মই কিমান দুখী হ’ব লাগিছিল…।’’

আচলতে এই কাহিনী সুখ বা দুখৰ নহয়। এই কাহিনী হৈছে জীৱনৰ প্ৰত্যাহ্বানক নেওচি আগুৱাই যোৱাৰ মানসিকতাৰ।

সেয়ে অসক্ষম যেন লগা কোনোবা এজনে জীৱনটোক নতুনকৈ জী তোলাৰ সাহস গোটালে সেয়া দেখি আমাৰ মনতো প্ৰেৰণা জাগে।

আপোনাৰ, মোৰ দৰে সাধাৰণ মানুহৰ মনত প্ৰেৰণাৰ সঞ্চাৰ কৰা তেনে এজন ব্যক্তিয়েই হৈছে হাৰিয়ানাৰ কৰ্ণালৰ নিৱাসী মহেন্দ্ৰ ওৰফে কাকা।

বিশেষভাৱে সক্ষম হৈও কাকাই যি কাৰ্যৰে জীৱনটোক সজাই তুলিবলৈ সক্ষম হৈছে, সেয়া দেখি আজি অনুপ্ৰানিত হৈছে সকলো।

শেহতীয়াকৈ বিশেষভাৱে সক্ষম সেই ব্যক্তিজনৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে তেওঁৰ সংগ্ৰাম আৰু কৰ্মোদ্যমে মন জয় কৰিছে লাখ লাখ নেট ব্যৱহাৰকাৰীৰ।

দৰাচলতে দুয়োখন হাতেই নাই মহেন্দ্ৰ ওৰফে কাকাৰ। হয়তো কোনো দুৰ্ঘটনাত ঠিক কিলাকুটিৰ তলতেই তেওঁ দুয়োখন হাত হেৰুৱাই পেলাইছিল।

তথাপিও পৰিস্থিতিৰ ওচৰত হাৰ মানিব নিবিচৰা কাকাই তেনেদৰেই জীৱন সংগ্ৰাম চলাই নিয়াৰ সংকল্প লয়।

এতিয়া তেওঁ এগৰাকী প্ৰফেচনেল ফটোগ্ৰাফাৰ হোৱাৰ উপৰিও ফটোগ্ৰাফী ইকুইপমেণ্ট বিক্ৰী কৰে।

বিবাহ আদি অনু্ষ্ঠানত ফটোগ্ৰাফীৰ কাম কৰে মহেন্দ্ৰ ওৰফে কাকাই। প্ৰথমাৱস্থাত তেওঁৰ বাবে কেমেৰা চলোৱাটো কষ্টকৰ হ’লেও এতিয়া আন ফটোগ্ৰাফাৰৰ দৰেই তেঁৱো অসুবিধা নোহোৱাকৈ ফটোগ্ৰাফী কৰিব পাৰে।

কাকাৰ এই ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে তেওঁৰ কৰ্মোদ্যম আৰু মনোবলৰ প্ৰশংসা কৰিছে সকলোৱে।

হাত থকা সকলেও কৰিব নোৱাৰা কাম ‘হাতবিহীন’ কাকাই কৰি দেখুৱাই এতিয়া অনেকৰ মনত প্ৰেৰণা যোগাইছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!