fbpx
অসমঅসমীয়া

হাতে হাতে মোবাইল ফোন আছে, ঘৰে ঘৰে গাড়ী আছে, দাম বাঢ়িবইঃ বিধায়ক প্ৰশান্ত ফুকনৰ

নিউজ ডেস্ক। দৰমহা বাঢ়িছে, মানুহৰ হাতে হাতে মোবাইল হৈছে, ঘৰে ঘৰে বাইক আছে। গতিকে দাম বাঢ়িলেও কোনো কথা নাই।

-মূল্যবৃদ্ধিৰ সপক্ষত এইবাৰ টুলুঙা মন্তব্য বিধায়ক প্ৰশান্ত ফুকনৰ।

পেট্ৰ’ল-ডিজেল, ৰন্ধন গেছৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিত পুনৰ এবাৰ কোঙা হৈ পৰিছে সাধাৰণ জনতা। দৰিদ্ৰ জনতাৰ নাজল নাথল অৱস্থা এতিয়া। তৎসত্বেও মূল্যবৃদ্ধিৰ সপক্ষত যুক্তি প্ৰদৰ্শনত ব্যস্ত তথাকথিত জনপ্ৰতিনিধিসকলৰ।

p1 23

শাসকীয় দলৰ ইজনৰ পিছত সিজন নেতা-বিধায়ক-মন্ত্ৰীয়ে মূল্য বৃদ্ধিৰ সপক্ষত মন্তব্য কৰি আহিছে। এসময়ত মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজপথ উত্তাল কৰা এইসকল নেতাই এতিয়া টুলুঙা মন্তব্যৰে সাধাৰণ ৰাইজক আভুৱা ভাৰিবলৈ চেষ্টা কৰা দেখা গৈছে।

এইবাৰ মূল্য বৃদ্ধিক লৈ মন্তব্য কৰিলে বিজেপি বিধায়ক প্ৰশান্ত ফুকনে। সাধাৰণ মানুহৰ আজিৰ অৱস্থা স্বচ্ছল বুলি মন্তব্য কৰি এয়া একো দাম বঢ়া নাই বুলি পতিয়ন নিয়াবলৈ চেষ্টা কৰিলে বিধায়কজনে।

তেওঁৰ মতে, এতিয়া সকলোৰে দৰমহা বৃদ্ধি পাইছে। যিসকলে চাকৰি নকৰে, তেওঁলোকৰো অৱস্থা ভাল। হাজিৰা কৰিলে আজিকালি ৪৫০ টকা পায়, মিস্ত্ৰী সকলে প্ৰতিদিনে ৯০০ টকা পায়।

দেশৰ ৯০ শতাংশ লোকৰ হাততে এতিয়া মোবাইল ফোন আছে, ঘৰে ঘৰে আছে বাইক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কাৰ্যকালত সাধাৰণ জনতা স্বচ্চল হৈছে। সেই অনুপাতে একো দাম বৃদ্ধি হোৱা নাই বুলি টুলুঙা কথাৰে নিজৰ দোষ ঢাকিবলৈ চেষ্টা কৰিলে বিধায়্ক প্ৰশান্ত ফুকনে।

উল্লেখ্য যে, আজিৰ দিনটোত একেৰাহে সপ্তমটো দিনৰ বাবে ৰাজ্যত বৃদ্ধি পাইছে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য। লখিমপুৰকে ধৰি কেইবাটাও স্থানত ইতিমধ্যেই শতকৰ ঘৰ অতিক্ৰম কৰিছে পেট্ৰ’লৰ মূল্যই।

গুৱাহাটীতো এতিয়া শতক স্পৰ্শ কৰাৰ দিশে এই মূল্য। এনে পৰিস্থিতি শাসকীয় দলৰ বিধায়কৰ টুলুঙা মন্তব্যই বিতুষ্ট কৰিছে সাধাৰণ জনতাক।

লগতে চাওকঃ

দাম বঢ়া নাই, বিৰোধীয়ে ক’ব লাগে কাৰণেহে কৈছেঃ বিধায়ক ফণী তালুকদাৰৰ

G05 1

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!