হাতী-মানুহৰ সংঘাতৰ ভয়ংকৰ পৰিণতি, পুনৰ বন্যহস্তীৰ আক্ৰমণত নিহত দুজন…

হাতী-মানুহৰ সংঘাতৰ ভয়ংকৰ পৰিণতি।

গোৱালাপাৰাত বন্যহস্তীৰ আক্ৰমণত নিহত দুজন।

বুধবাৰে পুৱাই জিলাখনৰ কুশধোৱা দেউলগুৰীত বনৰীয়া হাতীৰ আক্ৰমণত যুৱকসহ দুগৰাকী লোক নিহত হয়।

নিহত লোক দুজন যামিনী খাখলাৰী (৫২) আৰু মোহিনী মোহন বসুমতাৰী (২৮)।

ঘটনাৰ বিৱৰণী অনুসৰি আজি পুৱা ধাননি পথাৰলৈ যাওতে দুয়োজনৰ ওপৰত বনৰীয়া হাতীয়ে আক্ৰমণ চলায়। এই আক্ৰমণত দুয়োজনে প্ৰাণ হেৰুৱায়।

জাকৰ পৰা ফালৰি কাটি অহা দুটা প্ৰকাণ্ড হাতীৰ আক্ৰমণত মৃত্যু ঘটিছে লোক দুজনৰ।

লগে লগে ঘটনাস্থলীত বন বিভাগ আৰু আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে।

উল্লেখ্য যে অঞ্চলটোত এতিয়াও এটা হাতীৰ জাকে বিচৰণ কৰি থকাত শংকিত হৈ আছে স্থানীয় লোক।

ইফালে ৰংজুলিৰ আঞ্চলিক বন বিষয়াৰ নেতৃত্বত হাতীৰ জাকটোক বনাঞ্চললৈ খেদি পঠিওৱাৰ চেষ্টা অব্যাহত আছে।

Leave a Comment