অসম
হাতী-মানুহৰ সংঘাতৰ ভয়ংকৰ ৰূপ! বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ’ল মাতৃ-পুত্ৰৰ…

ৰাজ্যত অব্যাহত আছে হাতী -মানুহৰ সংঘাতৰ ভয়াৱহতা।
এইবাৰ বন্যহস্তীৰ আক্ৰমণত একেলগে প্ৰাণ গ’ল মাতৃ-পুত্ৰৰ।
গোৱালপাৰাত সংঘটিত হৈছে এই কৰুণ ঘটনা।
মাটিয়াৰ কাৰিপাৰাত বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ গ’ল দুই মাতৃ-পুত্ৰৰ।
নিহত দুই মাতৃ-পুত্ৰ মঞ্জিলা খাতুন আৰু ৪বছৰীয়া পুত্ৰ মিনহাজুল হক।
ৰাক্ষসিনী গাৰোপাৰাত ঘৰ মৃত মাতৃ-পুত্ৰৰ।

এটা ইটা ভাটাৰ শ্ৰমিক হিচাপে কৰ্মৰত আছিল মঞ্জিলা খাতুন।
ঘটনাস্থলীত আৰক্ষী-বনবিভাগৰ লোক উপস্থিত হৈ আৰম্ভ কৰিছে প্ৰাথমিক তদন্ত।
দুই মাতৃ-পুত্ৰৰ কৰুণ মৃত্যুত অঞ্চলজুৰি পৰিছে শোকৰ ছাঁ।