হাতী-মানুহৰ সংঘাতঃ প্ৰথমবাৰৰ বাবে উত্তৰ-পূবত অভিলাষী আচঁনি ‘ৰি-হেব’ৰ শুভ উদ্বোধন…

ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত।

বিশেষকৈ গোৱালপাৰা জিলাত হাতী-মানুহৰ সংঘাতৰ ফলত প্ৰায় প্ৰতিদিনে সংঘটিত হৈ আহিছে বিক্ষিপ্ত ঘটনা।

গোৱালপাৰা জিলাত হাতী-মানুহৰ সংঘাত প্ৰৰিৰোধ তথা স্থায়ী সমাধানৰ বাবে আগবাঢ়ি আহিছে কেন্দ্ৰীয় খাদী গ্ৰামোদ্যোগ আয়োগ৷

গোৱালপাৰাৰ মৰনৈত কেন্দ্ৰীয় খাদী গ্ৰামোদ্যোগ আয়োগে উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে শুভাৰম্ভ কৰে ’ৰি-হেব’ নামৰ এখন অভিলাসী আচঁনি।

এই আচঁনিৰ যোগেদি বনৰীয়া হাতী আৰু মানুহৰ সংঘাত নিৰ্মূল কৰিব বুলি আশা কৰা হৈছে।

‘ৰি-হেব’ হ’ল মৌ মাখিৰ পৰা মানুহক বনৰীয়া হাতীৰে সংঘাতৰ পৰা পৰিত্ৰাণ দিয়াৰ এক অভিনৱ প্ৰকল্প।

প্ৰথম অৱস্থাত কেন্দ্ৰীয় খাদী গ্ৰামোদ্যোগ আয়োগে এই অভিলাসী আঁচনিখন ৰূপায়ণৰ বাবে নিৰ্বাচিত কৰি লৈছে জিলাখনৰ মৰনৈ আৰু দহিকটা অঞ্চল।

কেন্দ্ৰীয় খাদী গ্ৰামোদ্যোগ আয়োগে ইতিমধ্যেই মৰনৈ আৰু দহিকটাৰ হাতী অহাযোৱা কৰা বাটত সংস্থাপন কৰিব প্ৰায় তিনি শতাধিক মৌ বাহ।

ইতিমধ্যে হাতী আহিব পৰা স্থানসমূহত এই মৌ বাহ সমূহ ৰখা হৈছে৷ মৌৰ গুণ গুণ শব্দই বনৰীয়া হাতীৰ প্ৰধান শত্ৰু। মৌ মাখিৰ বাবে বনৰীয়া হাতীয়ে আগুৱাই যোৱাটো সম্ভৱ নহব৷

Leave a Comment